নিউজ ডেস্ক, 4 জুনঃ সীমা সুৰক্ষা বাহিনী চমুকৈ বিএছএফে গোপন খবৰৰ ভিত্তিত এগৰাকী চোৰাং ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷ পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ ফুলবাৰীৰ পৰা বাহিনীটোৱে আটক কৰে লোকজনক ৷
বিএছএফৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
সীমা সুৰক্ষা বাহিনী চমুকৈ বিএছএফে পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ পৰা ড্ৰাগছসহ আটক কৰে এগৰাকী চোৰাং সৰবৰাহকাৰী ৷ জিলাখনৰ ফুলবাৰী অঞ্চলৰ পৰা বিএছএফে আটক কৰে চোৰাং সৰবৰাহকাৰীজনক ৷
বিএছএফৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
আৰু পঢ়কঃ লক্ষ্ণৌত জব্দ ৫০ লাখ মূল্যৰ অবৈধ সুৰাহস ট্ৰাক
লোকজনৰ পৰা বাহিনীটোৱে 399 বটল ফেন্সিদাইল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ ড্ৰাগছখিনি বাংলাদেশলৈ বুলি চালান দিবলৈ অনাৰ সময়তে সৰবৰাহকাৰীসহ জব্দ কৰে বাহিনীটোৱে ৷ চোৰাং সৰবৰাহকাৰীজন ফুলবাৰী ছৌপাটীৰ বিপিন বৰ্মণৰ পুত্ৰ স্বপন বৰ্মণ(19) বুলি জনাইছে বাহিনীটোৱে ৷ ঘটনা সন্দৰ্ভত শীতলকুছি আৰক্ষী চকীত এটি গোচৰ ৰুজু কৰি যুৱকজনক আৰক্ষীক চমজাই দিয়ে বাহিনীটোৱে ৷