অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰ : কঠুৱাত মোতায়েন কৰা বিএছএফ জোৱান আঘাতপ্ৰাপ্ত - জম্মু-কাশ্মীৰৰ ছাম্বাৰ এখন চৰকাৰী হাস্পতালত ভৰ্তি জোৱানজনক

জম্মু-কাশ্মীৰৰ কঠুৱাত দায়িত্ব পালন কৰি থকা এজন বিএছএফ জোৱান বুলেটৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছে ৷ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে আঘাতপ্ৰাপ্ত জোৱানজন ৷

বুলেটৰ দ্বাৰা আঘাতপ্ৰাপ্ত
কঠুৱাত মোতায়েন কৰা বিএছএফ জোৱান আঘাতপ্ৰাপ্ত

By

Published : Jul 26, 2020, 1:36 PM IST

নেশ্যনেল ডেস্ক, 26 জুলাই : শনিবাৰে সীমান্ত সুৰক্ষা বলৰ (BSF) এজন জোৱানে সন্দেহজনক পৰিস্থিতিত বুলেটৰ আঘাত লাভ কৰে ৷ ইয়াৰ পাচতে জোৱানজনক জম্মু-কাশ্মীৰৰ ছাম্বাৰ এখন চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ আঘাতপ্ৰাপ্ত জোৱানজনক কঠুৱা জিলা সীমান্তৰ আউটপোষ্টত মোতায়েন কৰা হৈছিল ৷ কৰ্মৰত অৱস্থাতে বুলেটৰ দ্বাৰা আঘাতপ্ৰাপ্ত হয় জোৱানজন ৷

বিএছএফৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, আঘাতপ্ৰাপ্ত জোৱানজনে চিকিৎসা লাভ কৰিছে আৰু সংকটমুক্ত হৈছে ৷ উল্লেখ্য যে, শুকুৰবাৰৰ দিনাও জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত চাৰ্ভিছ ৰাইফলেৰে নিজকে গুলীবিদ্ধ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল এজন চিআৰপিএফ জোৱান ৷

লগতে পঢ়ক :পাকিস্তানৰ মিছা চৰিত্ৰ উদঙোৱা এক টেলিফোনিক বাৰ্তালাপ

ABOUT THE AUTHOR

...view details