অসম

assam

By

Published : Aug 2, 2020, 8:10 PM IST

ETV Bharat / bharat

পঞ্জাৱত ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান

নিষিদ্ধ ড্ৰাগছৰ এক বৃহৎ অভিযানত দেওবাৰে পঞ্জাৱ আৰক্ষীয়ে ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ এগৰাকী জোৱানৰ লগতে দুগৰাকী সন্দেহজনক লোকক ড্ৰাগছ সৰবৰাহ আৰু অবৈধ মাৰাণাস্ত্ৰ সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ৷ পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুৰক্ষা বাহিনীৰ জোৱানজন কনিষ্টবল ৰাজেন্দ্ৰ প্ৰসাদ আৰু স্থানীয় নাগৰিক সুৰমেল সিং আৰু গুৰজন্ত সিঙ বুলি জানিব পৰা গৈছে ৷

BSF constable among three arrested in drug racket in Punjab
পঞ্জাৱত ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান

নিউজ ডেস্ক, 2 আগষ্ট :নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে এক বৃহৎ অভিযানত দেওবাৰে পঞ্জাৱ আৰক্ষীয়ে ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ এগৰাকী জোৱানৰ লগতে দুগৰাকী সন্দেহজনক লোকক ড্ৰাগছ সৰবৰাহ আৰু অবৈধ মাৰাণাস্ত্ৰ সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ৷ পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুৰক্ষা বাহিনীৰ জোৱানজন কনিষ্টবল ৰাজেন্দ্ৰ প্ৰসাদ আৰু আন দুগৰাকী স্থানীয় নাগৰিক সুৰমেল সিং আৰু গুৰজন্ত সিঙ বুলি জানিব পৰা গৈছে ৷

ৰাজস্থানৰ গংগানগৰ জিলাৰ সীমান্ত সুৰক্ষা বাহিনীৰ কনিষ্টবল গৰাকী পঞ্জাৱৰ তৰণতাৰণ জিলাৰ চীনা গাঁৱৰ সীমান্তত কৰ্মৰত আছিল ৷ জানিব পৰা মতে, উক্ত অঞ্চলত ড্ৰাগছৰ সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ৰাজেন্দ্ৰ প্ৰসাদ দ্ধিতীয় গৰাকী জোৱান ৷

উল্লেখ্য যে, এক গোপন সূত্ৰৰ পম খেদি জলন্ধৰ গ্ৰামীণ আৰক্ষীৰ এটা দলে 26 জুলাইত দুগৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছিল ৷ যি দুগৰাকী লোক দিল্লীৰ পৰা এখন চাৰিচকীয়া বাহনত আহিছিল ৷ আৰক্ষীয়ে তেওঁলোকৰ পৰা 25 গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হৈছে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত তেওঁলোকে তৰণতাৰণ জিলাৰ সতনাম সিং নামৰ এগৰাকী লোকৰ সৈতে কাম কৰি থকা বুলি উল্লেখ কৰে ৷ যিগৰাকী লোকৰ নাম পাকিস্তানৰ পৰা হেৰ'ইন আৰু অবৈধ মাৰাণাস্ত্ৰ আমদানী কৰাৰ ক্ষেত্ৰত লোৱা হয় ৷ লগতে, উক্ত ঘটনাৰ লগত সুৰক্ষা বাহিনীৰ জোৱান ৰাজেন্দ্ৰ প্ৰসাদ জড়িত থকা বুলিও তেওঁলোকে উল্লেখ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, জোৱান গৰাকীক 28 জুলাইত ৰাবলা মণ্ডীৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ৷

লগতে পঢ়ক : ডিৰাক মহাবিদ্যালয় সম্পৰ্কত মৰাণ ছাত্ৰ সন্থাৰ সংবাদমেল

ABOUT THE AUTHOR

...view details