অসম

assam

By

Published : Aug 1, 2020, 6:30 PM IST

ETV Bharat / bharat

ঈদ উপলক্ষে বিএছএফ আৰু বিজিবিৰ মাজত মিঠাইৰ আদান প্ৰদান

পৱিত্ৰ ঈদ-অল-আধা উপলক্ষে ভাৰতৰ বিএছএফে বাংলাদেশৰ বিজিবিৰ সৈতে মিঠাইৰ আদান-প্ৰদানেৰে পাৰস্পৰিক শুভেচ্ছা জ্ঞাপন কৰে ৷

ঈদ উপলক্ষে বিএছএফ আৰু বিজিবিৰ মাজত মিঠাইৰ আদান প্ৰদান
ঈদ উপলক্ষে বিএছএফ আৰু বিজিবিৰ মাজত মিঠাইৰ আদান প্ৰদান

নিউজ ডেস্ক, 1 আগষ্ট : পৱিত্ৰ ঈদ-অল-আধা উপলক্ষে পৰস্পৰৰ মাজত মিঠাইৰ আদান-প্ৰদানেৰে পাৰস্পৰিক শুভেচ্ছা জ্ঞাপন কৰে সীমা সুৰক্ষা বাহিনী (BSF) আৰু বৰ্ডাৰ গাৰ্ডৰ বাংলাদেশ (BGB) এ ৷ পশ্চিমবংগৰ ফুলবাৰীস্থিত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সীমান্ত চকীত দুয়োখন দেশৰ নিৰাপত্তা বাহিনীয়ে ৷

ঈদ উপলক্ষে দুয়োখন দেশৰ প্ৰমুখ নিৰাপত্তা বাহিনী দুটাৰ শীৰ্ষ বিষয়াৰ লগতে অন্যান্য বিষয়া তথা জোৱানসকল উপস্থিত থাকে ৷

পৱিত্ৰ ঈদ উপলক্ষে সমগ্ৰ দেশবাসীকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে শুভেচ্ছা জ্ঞাপন কৰে ৷ কোভিড-19 মহামাৰীৰ মাজতো দুয়োগৰাকী শীৰ্ষ নেতাই দেশবাসীক পৱিত্ৰ ঈদ উপলক্ষে টুইটাৰৰ দ্বাৰা শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলোকে নিয়ম পালন কৰিবলৈ অনুৰোধ জনায় ৷

লগতে পঢ়ক :বাক্সাত পাগলাদিয়া নৈৰ গৰাখহনীয়াত শংকিত নৈ পৰীয়া ৰাইজ

ABOUT THE AUTHOR

...view details