অসম

assam

ETV Bharat / bharat

ৰাম মন্দিৰৰ ভূমি পূজনৰ বাবে 151 খন নদীৰ পৰা পানী সংগ্ৰহ দুই ভাতৃৰ

ৰাম মন্দিৰৰ ভূমি পূজনৰ বাবে উত্তৰ প্ৰদেশৰ দুজন 70 উৰ্ধৰ ভাতৃয়ে শ্ৰীলংকা সহিতে দেশৰ ভিন্ন প্ৰান্তৰ 151 খন নদী আৰু 3 খন সাগৰৰ পৰা সংগ্ৰহ কৰিছে পানী ৷ লগতে ৰাম মন্দিৰৰ ভূমি পূজনত উপহাৰ হিচাপে দিবলৈ 1968 চনৰ পৰা 16 খন ঠাইৰ সংগ্ৰহ কৰিছে মাটি ৷

ৰাম মন্দিৰৰ ভূমি পূজন
ৰাম মন্দিৰৰ ভূমি পূজনৰ বাবে 151 টা নদীৰ পৰা পানী সংগ্ৰহ দুই ভাতৃৰ

By

Published : Aug 3, 2020, 11:26 AM IST

নিউজ ডেস্ক, 3 আগষ্টঃ ৰাম মন্দিৰৰ ভূমি পূজনৰ বাবে দুই ভাতৃৰ বিশেষ পদক্ষেপ ৷ 70 উৰ্ধৰ দুই ভাতৃয়ে ৰাম মন্দিৰ ভূমি পূজনৰ বাবে ভিন্ন প্ৰান্তৰ পৰা মুঠ 151 খন নদীৰ পৰা লগতে 3 খন সাগৰৰ পৰা পানী সংগ্ৰহ কৰিছে বুলি সদৰি কৰে ৷ উত্তৰ প্ৰদেশৰ জাউনপুৰ জিলাৰ ৰাধেশ্যাম পাণ্ডে আৰু পণ্ডিত ত্ৰিফলা সংগ্ৰহ কৰিছে এই পানী ৷ 1968 চনৰ পৰা শ্ৰীলংকাৰ পৰা 16 খন নদীৰ পৰা আৰু সাগৰৰ পৰা ৰাম মন্দিৰৰ ভূমি পূজনৰ বাবে পানী সংগ্ৰহ কৰে বুলি জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি তেতিয়াৰ পৰাই মাটি সংগ্ৰহ কৰি আহিছে বুলিও উল্লেখ কৰে ৷

আনহাতে,দুই ভাতৃয়ে বিষয় সন্দৰ্ভত কয় যে,পূৰ্বৰ পৰাই আমাৰ এইটো সপোন আছিল যে যেতিয়া ৰাম মন্দিৰ নিৰ্মাণ হ'ব তেতিয়া আমি ভাৰতৰ ভিন্ন ঠাইৰ নদীসমূহৰ পৰা পবিত্ৰ পানী তথা শ্ৰীলংকাৰ পৰা লৈ অহা মাটি ভূমি পূজনত উপহাৰ হিচাপে প্ৰদান কৰিম ৷ আমি শ্ৰীলংকাৰ 16 ঠাইৰ পৰা তথা দেশৰ 151 খন নদীৰ পৰা পানী সংগ্ৰহ কৰি ৰাখিছো ৷ এই পানী একত্ৰিত কৰিবলৈয়ে আমি চাইকেল,মটৰচাইকেল,ৰে'ল,খোজকাঢ়ি আৰু কেতিয়াবা বিমানেৰে যাত্ৰা কৰিছিলো ৷

লগতে চাওকঃ দেওবাৰে বিয়লি পৰ্যন্ত ৰাজ্যৰ 19 খন জিলা বানৰ কবলত

ABOUT THE AUTHOR

...view details