নিউজ ডেস্ক, 21 আগষ্ট :দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে উড়িশাৰ এটা আশ্ৰয় গৃহৰ এগৰাকী নাবালকক যৌন উৎপীড়ন চলোৱাৰ অপৰাধত উড়িশা আৰক্ষীয়ে এগৰাকী ব্ৰিটিছ নাগৰিকক গ্ৰেপ্তাৰ কৰিছে ৷ গ্ৰেপ্তাৰ কৰা লোকজন 68 বছৰীয়া জন প্ৰেটৰিক ব্ৰিজ বুলি জানিব পৰা গৈছে ৷
আৰক্ষী অধীক্ষক ৰাহুল পী আৰে জানিব দিয়া অনুসৰি, নাবালকগৰাকীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগত আৰক্ষীয়ে ব্ৰিটিছ নাগৰিকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে, আৰক্ষীয়ে অধিক তথ্য সংগ্ৰহৰ বাবে ব্যক্তিজনক সোধপোচ অব্যাহত ৰাখিছে ৷