নিউজ ডেস্ক, ২৫ এপ্ৰিলঃৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসকলক এইমূহুৰ্তত ওভোটাই অনাটো সম্ভৱপৰ নহয় । কিয়নো এখন ৰাজ্যৰ পৰা শিক্ষাৰ্থীসকলক ওভোটাই আনিলে বেলেগ ৰাজ্যবোৰত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰটো একেই দাবী উত্থাপন হব যিটো চৰকাৰৰ পক্ষে সম্ভৱপৰ নহয় । এই কথা প্ৰকাশ কৰিছে বিজেপি নেতা তথা বিহাৰৰ সাংসদ ৰাম কৃপাল যাদৱে । ৰাজস্থানৰ কোটা জিলাত আৱদ্ধ হৈ থকা বিহাৰৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত উত্থাপন হোৱা দাবীত পোনচাটেই নাকচ কৰি ইটিভি ভাৰতত আগত ফোনযোগে এই কথা প্ৰকাস কৰিছে সাংসদগৰাকীয়ে ।
লকডাউনৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা বিহাৰৰ শিক্ষাৰ্থীসকলক ৰাজ্যখনলৈ ওভোটাই অনাক লৈ বিভিন্ন দাবী উত্থাপন হৈছে বিহাৰত । এনে সময়ত লকডাউনৰ নিয়ম উলংঘা কৰাটো চৰকাৰৰ পক্ষে সম্ভৱপৰ নহয় । ৰাজস্থানৰ কোটা জিলাত দেশৰ বিভিন্ন ৰাজ্যৰ বহুসংখ্যক শিক্ষাৰ্থী লকডাউনৰ মাজতে আৱদ্ধ হৈ পৰিছে । এনে অৱস্থাত বহুকেইখন ৰাজ্যই তেওঁলোকৰ নিজ নিজ ৰাজ্যৰ শিক্ষাৰ্থীসকলক ওভোটাই আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে । এনে অৱস্থাত বিহাৰটো একেই দাবী উত্থাপন হৈছে । ইতিমধ্য়েই ৰাজ্যখনৰ বহুকেইগৰাকী প্ৰভাৱশালী লোকে নিজৰ নিজৰ সন্তানক ৰাজ্যখনলৈ ওভোটাই আনিছে, আৰু ইয়াৰ পিচতে বাকীসকলেও চৰকাৰৰ ওচৰত একেই দাবী উত্থাপন কৰিছে ।