অসম

assam

ETV Bharat / bharat

চিকিৎসাৰ বাবে সহাঁৰি নজনোৱা স্তন কেন্সাৰ ৰোগীসকলৰ বংশগত ভিন্নতা দেখা যায়ঃ এক অধ্যয়ন - ETV BHARAT

পৰীক্ষণ জীৱবিজ্ঞান 2019 ত প্ৰকাশ পোৱা অনুসৰি চিকিৎসাৰ বাবে সহাঁৰি নজনোৱা স্তন কেন্সাৰ ৰোগীসকলৰ বংশগতি বিন্যাসত ভিন্নতা দেখা পোৱা যায় ৷

BREAST CANCER

By

Published : Apr 8, 2019, 9:03 AM IST

নিউজ ডেস্ক, 8 এপ্ৰিলঃ এক নতুন অধ্যয়নৰ পৰা প্ৰমাণ হৈছে যে, যিসকল স্তন কেন্সাৰ ৰোগীয়ে নিৰ্দিষ্ট চিকিৎসাৰ প্ৰতি সহাঁৰি নজনায় তেওঁলোকৰ বংশগতি বিন্যাসত ভিন্নতা দেখা পোৱা যায় ৷ অধ্যয়নটোৰ মতে, পৰীক্ষণ জীৱবিজ্ঞান 2019ত প্ৰকাশ পোৱা অনুসৰি যিসকল ৰোগীয়ে সহাঁৰি জনায় সেইসকলৰ সৈতে সহাঁৰি নজনোৱা ৰোগীসকলৰ বংশগতি বিন্যাসত সালসলনি পৰিলক্ষিত হয় ৷

BREAST CANCER

এনে ধৰণৰ সালসলনিৰ বাবে এই ৰোগীসকলে আন ৰোগীতকৈ ভিন্ন ধৰণে প্ৰতিক্ৰিয়া দেখুৱায় বুলি অধ্যয়নটোৱে জানিবলৈ দিয়ে ৷ কিন্তু লক্ষণীয় বিযয়টো হ'ল যে, বংশগতি বিন্যাসৰ সালসলনি হ'লেও ডিএনএৰ জেনেটিক কোড একে থাকে বুলিও অধ্যয়নটোৱে প্ৰকাশ কৰে ৷ এই অধ্যয়নটোৱে বহু ৰোগীৰ বাবে ভাল বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details