অসম

assam

By

Published : Dec 24, 2019, 5:13 PM IST

ETV Bharat / bharat

কেবিনেটত অনুমোদন ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন

কেন্দ্ৰীয় কেবিনেটে মঙলবাৰে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নত অনুমোদন জনাইছে ৷ বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷

National Population Register, কেবিনেটত অনুমোদন ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন
ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নত অনুমোদন

নেশ্বনেল ডেস্ক, 24 ডিচেম্বৰঃ কেন্দ্ৰীয় কেবিনেটে মঙলবাৰে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নত অনুমোদন জনাইছে ৷ বিশেষ সূত্ৰই কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে তথ্য প্ৰকাশ কৰিছে ৷

কি হয় ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নঃ ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন হৈছে দেশৰ বাসিন্দাসকলৰ এখন সূচী ৷ ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নত এগৰাকী বাসিন্দাক স্থানীয় অঞ্চলত বিগত ছমাহ ধৰি বাস কৰি থকা নাইবা এগৰাকী বাসিন্দা যিয়ে পৰৱৰ্তী ছমাহ সেই অঞ্চলত বাস কৰিব বিছাৰে তেওঁক নিৰ্দেশ কৰা হৈছে ৷ ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ তথ্যসমূহ 2010 চনত 2011 চনৰ লোকপিয়লৰ গৃহসূচীৰ সৈতে একেলগে সংগ্ৰহ কৰা হৈছিল ৷ এইসমূহ তথ্য 2015 চনত প্ৰতিঘৰে ঘৰে গৈ পৰীক্ষা কৰা হৈছিল ৷ ইতিমধ্যে এই তথ্যসমূহৰ ডিজিটেল মাধ্যমত সংৰক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে ৷ সদ্যহাতে 2021চনৰ লোকপিয়লৰ সৈতে এই ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন 2020ৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ৷ অসমক বাদ দি দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলতে এই সমীক্ষা সম্পূৰ্ণ কৰা হ'ব বুলি কেন্দ্ৰীয় পঞ্জীয়ক জেনেৰেল আৰু লোকপিয়ল আয়ুক্তৰ ৱেবছাইটত উল্লেখ কৰিছে ৷

ABOUT THE AUTHOR

...view details