অসম

assam

ETV Bharat / bharat

মৃত মস্তিষ্কৰ প্ৰিয়ংকাই এজন তৰুণক দিলে নতুন জীৱন - উৰিষ্যাৰ কটক চহৰৰ এচ.এচ.বি চিকিৎসালয়

মস্তিষ্ক মৃত ঘোষিত গঞ্জমৰ বাসিন্দা প্ৰিয়ংকাৰাণী পাত্ৰই অন্য ব্যক্তিক দিলে নতুন জীৱন ৷ এইটো উৰিষ্যাৰ প্ৰথমটো কাডাভেৰিক কিডনী ট্ৰান্সপ্লান্টৰ ঘটনা ৷ সোমবাৰে ৰাতি এচ চি বি চিকিৎসালয়ত সফল অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে প্ৰিয়ংকাৰাণী পাত্ৰৰ কিডনী সংৰোপন কৰা হয় অন্য এগৰাকী ব্যক্তিক ৷

Brain dead Priyanka gives freash lease of life to youth
উৰিষ্যাৰ প্ৰথমটো কাডাভেৰিক কিডনী ট্ৰান্সপ্লান্টৰ ঘটনা

By

Published : Feb 5, 2020, 6:06 PM IST

নিউজ ডেস্ক,5 ফেব্ৰুৱাৰীঃসোমবাৰে নিশা উৰিষ্যাৰ কটক চহৰৰ এচ.এচ.বি চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে মৃত মস্তিষ্কৰ এগৰাকী যুৱতীৰ পৰা কাডাভেৰিক কিডনী ট্ৰান্সপ্লান্টৰ জৰিয়তে কিডনী সংৰোপন কৰা হয় অন্য এগৰাকী ব্যক্তিক ৷ প্ৰথমবাৰৰ বাবে উৰিষ্যাত সফলৰূপত এই অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হয় ৷

কিছুদিন পূৰ্বে এটা দুৰ্ঘটনাত পতিত হৈছিল উৰিষ্যাৰ প্ৰিয়ংকাৰাণী পাত্ৰ ৷ ভুৱনেশ্বৰৰ এখন ব্যক্তিগত হাস্পতালে প্ৰিয়ংকাৰ মস্তিষ্ক মৃত হোৱাৰ কথা ঘোষণা কৰে ৷ খবৰটো পোৱাৰ লগে লগে পৰিয়ালবৰ্গ শোকত ডুব যোৱাৰ মাজতে কিন্তু এটা যথেষ্ট শলাগিবলগীয়া সিদ্ধান্ত গ্ৰহণ কৰে ৷ পৰিয়ালবৰ্গই প্ৰিয়ংকাৰ শৰীৰৰ বিভিন্ন অংগদান দিয়াৰ বাবে অনুমতি প্ৰদান কৰে ৷

উৰিষ্যাৰ প্ৰথমটো কাডাভেৰিক কিডনী ট্ৰান্সপ্লান্টৰ ঘটনা

সোমবাৰে এচ.এচ.বি নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত সাত ঘন্টা জোৰা মাৰাথন অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে প্ৰিয়ংকাৰ কিডনী সংৰোপন কৰা হয় অন্য ব্যক্তিক ৷ উৰিষ্যাত ইয়াৰ পূৰ্বেও বহুতো অংগ সংৰোপন অস্ত্ৰোপ্ৰচাৰৰ কৰা হৈছে যদিও মৃত ব্যক্তিৰ পৰা অন্য ব্যক্তিক অংগ সংৰোপন ঘটনা হিচাপত প্ৰিয়ংকাৰাণী পাত্ৰৰ কাডাভেৰিক কিডনী ট্ৰান্সপ্লান্টৰ ঘটনাটোৱেই প্ৰথম ৷

লগতে পঢ়কঃবিশ্ব কেঞ্চাৰ দিৱস উপলক্ষ্যে মনৰ কথা ক'লে সোণালী, আয়ানে

ABOUT THE AUTHOR

...view details