নেশ্বনেল ডেস্ক, 30 ছেপ্টেম্বৰ : ব্ৰাহ্মোছ মিছাইলৰ সফল পৰীক্ষণ সমাপ্ত কৰিলে ভাৰতে ৷ সোমবাৰে উৰিষ্যাৰ উপকূলীয় অঞ্চলৰ পৰা এই মিছাইলৰ সফল পৰীক্ষণ কৰা হয় ৷ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা চমুকৈ DRDO য়ে এই সম্পৰ্কত মন্তব্য কৰে যে, ছুপাৰছনিক ক্ৰুইজ মিছাইল সফলতাৰে উৎক্ষেপন কৰা হৈছে ৷
ব্ৰাহ্মোছ মিছাইলৰ সফল পৰীক্ষণ ভাৰতৰ - উৰিষ্যাৰ উপকূলীয় অঞ্চলৰ পৰা এই মিছাইলৰ সফল পৰীক্ষণ
ব্ৰাহ্মোছ মিছাইলৰ সফল পৰীক্ষণ সমাপ্ত কৰিলে ভাৰতে ৷ সোমবাৰে উৰিষ্যাৰ উপকূলীয় অঞ্চলৰ পৰা এই মিছাইলৰ সফল পৰীক্ষণ কৰা হয় ৷
![ব্ৰাহ্মোছ মিছাইলৰ সফল পৰীক্ষণ ভাৰতৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4599308-thumbnail-3x2-br-2.jpg)
প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা
এই সম্পৰ্কত সম্পূৰ্ণ তথ্য সংস্থাটোৱে সোমবাৰৰ বিয়লি ভাগত প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে ৷ ৰাছিয়াস্থিত এক ৰকেট ডিজাইন সংস্থাৰ সহযোগত DRDO য়ে এই মিছাইল নিৰ্মাণ কৰি উলিয়াইছে ৷
উল্লেখ্য যে, এই মিছাইলক বিশ্বৰ দ্ৰুততম ছুপাৰছনিক ক্ৰুইজ মিছাইল হিচাপে গণ্য কৰা হয় ৷ 'ব্ৰাহ্মোছ' শব্দটো ভাৰতৰ ব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ মচকোভা নদীৰ নামৰ পৰা আহিছে ৷