নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰীঃদেশৰ প্ৰতিৰক্ষা খণ্ডৰ বহুটো সামগ্ৰী ৰপ্তানিৰ বাবে সাজু বুলি প্ৰকাশ কৰিছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ'ৰ প্ৰধান জি সতীশ ৰেড্ডীয়ে ৷ উত্তৰ প্ৰদেশৰ লক্ষ্নৌ চহৰত হৈ থকা ডিফেন্স এক্সপ'ত সংবাদ প্ৰতিষ্ঠান এএনআইৰ আগত এই কথা প্ৰকাশ কৰিছে সংস্থাটোৰ প্ৰধানগৰাকীয়ে ৷
বিদেশলৈ ৰপ্তানিৰ বাবে সাজু ভাৰতৰ ব্ৰাহ্মোছ ক্ষেপনাস্ত্ৰ: ডিআৰডিঅ' প্ৰধান - DRDO Chief G Satheesh Reddy
প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা ৰপ্তানি 5 মিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি কৰাৰ কথা ঘোষণাৰ পিচতে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ'ৰ প্ৰধান জি সতীশ ৰেড্ডীয়ে ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ লক্ষ্নৌত হৈ থকা ডিফেন্স এক্সপ' 2020ত অংশগ্ৰহণ কৰি দেশৰ একমাত্ৰ প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানটোৰ মুৰব্বীগৰাকীয়ে ৰাছিয়াৰ সহযোগত ভাৰতে নিৰ্মাণ কৰা ব্ৰাহ্মোছ ক্ষেপনাস্ত্ৰ অন্য দেশলৈ ৰপ্তানিৰ বাবে সাজু আছে বুলি প্ৰকাশ কৰে ৷
তেওঁ উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰাৰ দৰে, 5 মিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা ৰপ্তানি অৰ্জন কৰাটো কোনো ডাঙৰ কথা নহয়, ডিআৰডিঅ'ৱে এই বিষয়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ এইক্ষেত্ৰত ব্ৰাহ্মোচ ক্ষেপনাস্ত্ৰ সকলোৰে আগত আছে আৰু বহুকেইখন দেশৰ পৰা এই ক্ষেপনাস্ত্ৰ প্ৰণালীৰ বিষয়ে আমালৈ প্ৰস্তাৱ আহিছে ৷ সেইসমূহ দেশৰ ভিতৰত ফিলিপাইনছ আৰু ভিয়েটনাম অন্যতম ৷ ইয়াৰ উপৰিও আমি ৰাডাৰ, টেংক বিৰোধী ক্ষেপনাস্ত্ৰ, ভূ-ভাগৰ পৰা আকাশলৈ প্ৰেৰণ কৰা ক্ষেপনাস্ত্ৰ আৰু বিভিন্ন ধৰণৰ টৰ্পেডো প্ৰণালীও আমি ৰপ্তানি কৰিব পৰাকৈ সাজু কৰিছো ৷
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্নৌত অনুষ্ঠিত হৈ আছে চলিত বৰ্ষৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দ্বাৰা অনুষ্ঠিত হোৱা ডিফেন্স এক্সপ' 2020 ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে দেশৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ প্ৰধানগৰাকীয়ে ৷