নতুন দিল্লীঃযোৱা সপ্তাহত সীমান্তত সংঘটিত ৰক্তাক্ত সংঘাতত বিশজনকৈ ভাৰতীয় সৈন্য নিহত হোৱাৰ পাছত দেশত চীনা সামগ্ৰীৰ বিৰুদ্ধে এক জোৱাৰৰ সৃষ্টি হৈছে । কিন্তু চীনৰ চৰকাৰী মুখপত্ৰত দেওবাৰে ভাৰতক শান্তি বৰ্তাই ৰাখিবলৈ অনুৰোধ জনাই উল্লেখ কৰিছে যে চীনা সামগ্ৰী অবিহনে ভাৰতীয়সকল জীয়াই থকাচো প্ৰায় অসম্ভৱ ।
বেইজিঙৰ দৃষ্টিভংগীক প্ৰচাৰ কৰাৰ বাবে পৰিচিত ইংৰাজী বাতৰিকাকত গ্লোবেল টাইমছত প্ৰকাশিত এক প্ৰবন্ধত এনেদৰে লিখিছে—“সীমান্তত শান্তি আৰু সুস্থিৰতা নিশ্চিত কৰিলেহে এছিয়াৰ শক্তিশালী দেশ দুখনে অধিক বাণিজ্যিক আৰু অৰ্থনৈতিক সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হ’ব । ইয়াৰ ফলত দুয়োখন দেশৰে জনসাধাৰণ উপকৃত হ’ব।”
দুয়োখন দেশে সীমান্তত যাতে পৰিস্থিতিৰ অৱনতি নঘটে আৰু দ্বিপাক্ষিক সম্পৰ্কত ব্যাহত নকৰে তাৰ বাবে যথা সম্ভৱ চেষ্টা কৰিব লাগে বুলিও প্ৰবন্ধটোত উল্লেখ কৰা হৈছে ।
১৫-১৬ জুনৰ নিশা লাডাখৰ গালৱান উপত্যকাত চীনা সেনাবাহিনীৰ সৈতে হোৱা তীব্ৰ সংঘাতৰ পৰিণতিত এগৰাকী কৰ্নেলকে ধৰি বিশজন ভাৰতীয় সৈন্যৰ মৃত্যু ঘটিছিল । যদিও পৰিস্থিতি শাম কটাবলৈ নতুন দিল্লী আৰু বেইজিঙে কূটনৈতিক আৰু সামৰিক আলোচনাৰ মাধ্যমেৰে চেষ্টা অব্যাহত ৰাখিছে তথাপি ভাৰতত চীনৰ প্ৰতি ক্ষোভে তীব্ৰ ৰূপ ধাৰণ কৰিছে । আনকি এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে চীনা খাদ্য বৰ্জন কৰাৰ বাবেও আহ্বান জনাইছে ।
চীনত নিৰ্মিত টেলিভিশ্যন চেট ভঙাকে ধৰি বিভিন্ন ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
৪৫ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ৩৪৮৮ কিল’মিটাৰ দৈৰ্ঘৰ ভাৰত-চীন সীমান্তত এনেদৰে সেনা জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।
লাডাখত হোৱা মুখামুখি সংঘৰ্ষৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি দেওবাৰৰ গ্লোবেল টাইমছৰ প্ৰবন্ধটোত এনেদৰে লিখিছে—“এই ঘটনাক ৰাজনৈতিক নেতা আৰু ষড়যন্ত্ৰ সূত্ৰত বিশ্বাস কৰাসকলে ভাৰতৰ বাহিৰে-বাহিৰে ৰাষ্ট্ৰীয়তাবাদ জগাই চীনৰ বিৰুদ্ধে ঘৃণা সৃষ্টি কৰাৰ সুযোগ হিচাপে গ্ৰহণ কৰিব নালাগে । ভাৰতে নিজৰ অৰ্থনীতিক আগবঢ়াই নিবলৈ এই বৃহৎ চুবুৰীয়া ৰাষ্ট্ৰখনৰ ওপৰতেই নিৰ্ভৰ কৰে”.
“কিন্তু বহু ভাৰতীয় চেলিভিশ্যন এংকৰ আৰু বাতৰিকাকতসমূহে সীমান্তৰ সংঘাতৰ অৱনতি ঘটাব বিচাৰিছে । ভাৰতে চীনক ৰক্তৰে উত্তৰ দিব লাগে বুলিও দাবী উত্থাপন হৈছে ।"
লগতে কোৱা হৈছে—“আমি বিশ্বাস কৰো ভাৰতৰ লোকসকলক দেশখনত থকা এনেধৰণৰ উপাদানসমূহে ভোল নিয়াব নোৱাৰিব । ভাৰতক অৰ্থনৈতিক আৰু ভৌগলিকভাৱে চীনৰ প্ৰয়োজন আছে ।”
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰত আৰু চীনৰ দ্বিপাক্ষিক বাণিজ্যিক আদান প্ৰদানৰ মুঠ ৯৫.৫৪ বিলিয়ন ডলাৰৰ ভাৰতৰ ৰপ্তানিৰ পৰিমাণ ১৮.৮৪ বিলিয়ন ডলাৰ ।
চীনৰ বাবে দেশখনৰ সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত হৈছে সপ্তম বৃহত্তম দেশ । আনহাতে চীনলৈ ৰপ্তানিকাৰী দেশ হিচাপে ভাৰতৰ স্থান ২৭ । ২০১৯ চনৰ জানুৱাৰীৰ পৰা জুলাইলৈকে ভাৰত আৰু চীনৰ মাজত বাণিজ্যৰ পৰিমাণ আছিল ৫৩.৩ বিলিয়ন ডলাৰ । চীনলৈ ভাৰতৰ ৰপ্তানি আছিল ১০.৩৮ বিলিয়ন ডলাৰ । অৰ্থাৎ ৫.০২ শতাংশ হ্ৰাস পাইছিল । ইয়াৰ বিপৰীতে চীনৰ ভাৰতলৈ ৰপ্তানিৰ পৰিমাণ আছিল ৪২.৯২ বিলিয়ন ডলাৰ । অৰ্থাৎ এই সময়ছোৱাত ভাৰতলৈ চীনৰ ৰপ্তানি ২.৫১ শতাংশ হ্ৰাস পাইছিল । ভাৰতে ৰপ্তানি কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে কপাহ,তাম,হীৰা,প্ৰাকৃতিক ধাতু ইত্যাদি । আনহাতে চীনে ভাৰতলৈ ৰপ্তানি কৰা মূল মূল সামগ্ৰীসমূহৰ ভিতৰত আছে বিভিন্ন ধৰণৰ যন্ত্ৰপাতি,টেলিকম আৰু শক্তিখণ্ডৰ লগত জড়িত সা-সামগ্ৰী,অৰ্গেনিক কেমিকেল আৰু সাৰ ।
চীনে ভাৰতক সুযোগৰ ভাণ্ডাৰ প্ৰদান কৰা বুলি কৈ গ্লোবেল টাইমছৰ লেখাটোত এনেদৰে উল্লেখ কৰা হৈছে,“ভাৰতৰ তথাকথিত ত্ৰিশটা ইউনিকৰ্ন ষ্টাৰ্ট-আপতেই চীনৰ বিনিয়োগ আছে । ভাৰতীয় নাগৰিকসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা কালাৰ টিভিৰ পৰা, মাইক্ৰৱেভ অ’ভেন, এয়াৰ কণ্ডিশ্বনাৰ, শেহতীয়া ফেশ্বনৰ ম’বাইল ফোন আৰু লেপটপলৈকে চীনত উৎপাদন কৰা হয় । যুক্তিসংগত মূল্য আৰু উন্নত মানৰ বাবে চীনৰ সামগ্ৰীসমূহৰ ঠাই দখল কৰাটো সহজ নহয় ।”
এছিয়াত ভৌগলিক-ৰাজনৈতিক অশান্তি সৃষ্টি নকৰিবলৈ ভাৰতক আহ্বান জনাই নিবন্ধটোত কোৱৈা হৈছে যে চীনৰ সৈতে ভাল আৰু পাৰস্পৰিকভাৱে লাভজনক সম্পৰ্ক স্থাপনৰ বাবে নতুন দিল্লীৰ এশটাৰো অধিক কাৰণ আছে। দুয়োখন দেশে নিজৰ নিজৰ ভূখণ্ড ইফাল-সিফাল নোহোৱাকৈ ৰাখিব পাৰে ।
২০১৭ চনত ৭৩ দিন ঘৰি ভাৰত-ভূটান-চীন সীমান্তৰ ডোকলামত সৃষ্টি হৈছিল অস্থিৰতা। ইয়াৰ পাছত একেটা বছৰতে কাজাকাস্তানত অনুষ্ঠিত চাংহাই সহযোগিতা সংগঠনৰ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ মাজত আলোচনা অনুষ্ঠিত হৈছিল। দুয়োগৰাকী নেতাই এক্যমতত উপনীত হৈছিল যে দেশ দুখনৰ মাজত থকা মতভেদক সংঘাতলৈ ৰূপান্তৰিত হ’বলৈ দিব নালাগে । ইয়াক কূটনৈতিকভাৱে ‘আষ্টানা ঐক্যমত’ বুলি কোৱা হয় ।
দ্বিপাক্ষিক সম্পৰ্কক আৰু অধিক গতি দিবলৈ জিনপিঙে মোদীৰ বাবে ২০১৮ চনত ৱুহানত অনানুষ্ঠানিক সন্মিলনৰ আয়োজন কৰে । এই চহৰখনতে বৰ্তমান বিশ্বজুৰি সন্ত্ৰাস সৃষ্টি কৰা ক’ভিড-১৯ৰ উদ্ভৱ হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও চেন্নাইৰ মামাল্লাপুৰমত চীনা ৰাষ্ট্ৰপতিগৰাকীৰ বাবে এক অনানুষ্ঠানিক সন্মিলন বিহত বৰ্ষত আয়োজন কৰে ।
শেহতীয়াকৈ লাডাখত হোৱা ঘটনাৰ পাছত মোদী আৰু জিনপিঙৰ ব্যক্তিগত সম্পৰ্কৰ ঘনিষ্ঠতাক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে । বহুতৰে মতে দুয়োৰে মাজত ‘ৱুহান স্পিৰিট’ আৰু ‘চেন্নাই কানেক্ট’ৰ অৱসান ঘটিছে ।
কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে বিশ্বতে চীনে সমালোচনাৰ সন্মুখীন হোৱাৰ বিপৰীতে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক যুদ্ধৰ পৰিপ্ৰেক্ষিতত বেইজিঙে নতুন দিল্লীৰ প্ৰতি অধিক গুৰুত্ব দিছে।
ভাৰতে আমেৰিকা,জাপান আৰু অষ্ট্ৰেলিয়াৰ সৈতে‘Quad’ত অন্তৰ্ভুক্ত সদস্য হিচাপে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু প্ৰগতি স্থাপনৰ বাবে আগ্ৰহী । এই অঞ্চসটো জাপানৰ পূব উপকূলৰ পৰা আফ্ৰিকাৰ পূব উপকূললৈ বিস্তৃত । এই অঞ্চলত চীনৰ প্ৰভাৱ বৃদ্ধি আৰু দক্ষিণ চীন মহাসাগৰত আক্ৰমণাত্মক ৰূপৰ ফলত এনেধৰণৰ জোটবন্ধনে গুৰুত্ব বহন কৰে ।
লেখকঃ অৰুণিম ভূঞা
লগতে চাওকঃ উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ ষড়যন্ত্ৰমূলক ভাৱে বন্ধ কৰা হৈছেঃ অৰুণজ্যোতি মৰাণ