অসম

assam

ETV Bharat / bharat

ড্ৰেগনলেণ্ডৰ সামগ্ৰীৰ ই-কৰ্মাচ নিষিদ্ধ কৰাৰ বাবে কেন্দ্ৰক আহ্বান - চীন

চীনে ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক প্ৰায় 17 মিলিয়ন আমেৰিকান ডলাৰৰ সামগ্ৰী বিক্ৰী কৰে ৷ ইয়াৰে অধিকাংশ খেলা সামগ্ৰী, ঘৰুৱা সামগ্ৰী, মোবাইল, বৈদ্যুতিক আৰু বৈদ্যুতিন সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰী ৷

Boycott call may impact Chinese exports worth USD 17 billion
ড্ৰেগনলেণ্ডৰ সামগ্ৰীৰ ই কৰ্মাচ নিষিদ্ধ কৰাৰ বাবে কেন্দ্ৰক আহ্বান

By

Published : Jun 19, 2020, 1:51 PM IST

নিউজ ডেস্ক, 19 জুন: লাডাখৰ গালৱান উপত্যকাত চীন-ভাৰতৰ সংৰ্ঘষৰ পাচতে চীনা সামগ্ৰী বৰ্জনৰ কাৰণে দেশজুৰি সৃষ্টি হৈছে প্ৰতিবাদৰ ৷ চীনা সামগ্ৰী বৰ্জনৰ কাৰণে ভাৰতীয় ব্যৱসায়ীসকলে ড্ৰেগনলেণ্ডৰ সামগ্ৰীৰ বিক্ৰীৰ ওপৰত প্ৰতিবন্ধ লগাবলৈ ই-কৰ্মাচ নিষিদ্ধ কৰাৰ বাবে কেন্দ্ৰক আহ্বান জনাইছে ৷ ড্ৰেগনলেণ্ডে ভাৰতত বাৰ্ষিক 74 মিলিয়ন আমেৰিকান ডলাৰ সামগ্ৰী আমদানি কৰে ৷

ড্ৰেগনলেণ্ডৰ সামগ্ৰীৰ ই কৰ্মাচ নিষিদ্ধ কৰাৰ বাবে কেন্দ্ৰক আহ্বান

চীনে ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক প্ৰায় 17 মিলিয়ন আমেৰিকান ডলাৰৰ সামগ্ৰী বিক্ৰী কৰে ৷ ইয়াৰে অধিকাংশ খেলা সামগ্ৰী, ঘৰুৱা সামগ্ৰী, ম'বাইল, বৈদ্যুতিক আৰু বৈদ্যুতিন সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰী ৷ এই সামগ্ৰীসমূহৰ চাহিদা ভাৰতত প্ৰস্তুত কৰা সামগ্ৰীৰ দ্বাৰা পূৰ্ণ কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে এটা ৰাষ্ট্ৰীয় ব্যৱসায়ীক সন্থাই ৷

'দা কনফেডাৰেছন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ' চমুকৈ চিএআইটি নামৰ এটা ৰাষ্ট্ৰীয় ব্যৱসায়ীক সন্থাই "ভাৰতীয় সামগ্ৰী আমাৰ অভিমান" শীৰ্ষক অভিযান আৰম্ভ কৰি চীনা সামগ্ৰী বৰ্জনৰ কাৰণে আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সংস্থাটোৱে কেইবাজন তাৰকাক পত্ৰ প্ৰেৰণ কৰি চীনা সামগ্ৰী বৰ্জনৰ কাৰণে আহ্বান জনাইছে ৷ ইয়াৰ উপৰি চিএআইটিয়ে 450 ৰো অধিক শ্ৰেণীৰ প্ৰায় তিনি হাজাৰ চাইনীজ সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰি উলিয়াইছে ৷

লগতে পঢ়ক: চীনৰ অৰ্থব্যৱস্থা সংকটত,যুদ্ধ কৰিব নোৱাৰে : কমাৰ আঘা

ABOUT THE AUTHOR

...view details