নিউজ ডেস্ক, ৪ জুলাইঃ পাটিয়ালাৰ National Institute of Sport(NIS)ত পুনৰ বক্সিং প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰিছে Boxing Federation of India য়ে । বক্সিং ফেডাৰেশ্বন অফ ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি,দেশৰ শীৰ্ষ বক্সিং খেলুৱৈসকলক অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ সঠিক ৰূপত প্ৰস্তুত কৰিবলৈ প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰে ।
বক্সিং খেলুৱৈসকলক পুনৰ প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ পৰামৰ্শ বিএফআইৰ - বক্সিং ফেজাৰেশ্বন অফ ইণ্ডিয়া
দেশৰ শীৰ্ষ বক্সিং খেলুৱৈসকলক অলিম্পিকৰ বাবে যোগ্য কৰি তুলিবলৈ পুনৰ প্ৰশিক্ষণৰ অনুমতি দিয়ে বক্সিং ফেজাৰেশ্বন অফ ইণ্ডিয়াই ।
Boxing Federation of India
উল্লেখ্য যে, Boxing Federation of Indiaয়ে প্ৰথমে বিগত ১০ জুনৰ পৰা NISক বক্সিঙৰ প্ৰশিক্ষণৰ আৰম্ভ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল । কিন্তু এনআইএছয়ে প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান নকৰিলে। তাৰ পাচতে একাংশ বক্সিং খুলুৱৈক কৰ্ণাটকৰ বেল্লাৰীৰ JSW's Inspire Institute of Sport লৈ প্ৰেৰণ কৰে বক্সিং ফেজাৰেশ্বন অফ ইণ্ডিয়াই ।