অসম

assam

By

Published : Jul 8, 2020, 3:45 PM IST

ETV Bharat / bharat

কাণপুৰ এনকাউণ্টাৰঃ বিকাশ ডুবেৰ সম্ভেদ দিয়া ব্যক্তিলৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা উত্তৰ প্ৰদেশ চৰকাৰৰ

উত্তৰ প্ৰদেশৰ কাণপুৰ এনকাউণ্টাৰৰ মুখ্য অপৰাধী বিকাশ ডুবেৰ সম্ভেদ দিয়া ব্যক্তিক ৫ লাখ টকা প্ৰদান কৰিব বুলি বুধবাৰে ঘোষণা কৰে উত্তৰ প্ৰদেশ চৰকাৰে । বিগত ৩ জুলাইত ৮ গৰাকীকৈ আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰাৰ মূল অপৰাধী বিকাশ ডুবেৰ সম্ভেদ দিয়াৰ ব্যক্তিক প্ৰথমে ৫০,০০০ টকা পুৰস্কাৰ প্ৰদান কৰিব বুলি উল্লেখ কৰিছিল যদিও পৰৱৰ্তী সময়ত ইয়াৰ মূল্য ৫ লাখলৈ বৃদ্ধি কৰে উত্তৰ প্ৰদেশৰ চৰকাৰে ।

কাণপুৰ এনকাউণ্টাৰ
কাণপুৰ এনকাউণ্টাৰ

নিউজ ডেস্ক, ৮ জুলাইঃ উত্তৰ প্ৰদেশৰ কাণপুৰ এনকাউণ্টাৰৰ মূল অপৰাধী বিকাশ ডুবেৰ সম্ভেদ দিয়া ব্যক্তিক ৫ লাখ টকা প্ৰদান কৰা হ'ব বুলি বুধবাৰে ঘোষণা কৰে উত্তৰ প্ৰদেশ চৰকাৰে । মঙলবাৰে কাণপুৰ এনকাউণ্টাৰৰ মূল অভিযুক্ত বিকাশ ডুবেৰ সম্ভেদ দিয়া ব্যক্তিক ২.৫ লাখ টকা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল যদিও বুধবাৰে এই মূল্য ৫ লাখলৈ বৃদ্ধি কৰে বুলি সদৰি কৰে কাণপুৰৰ অতিৰিক্ত মুখ্য সচিব অবনীশ কুমাপ অবস্থীয়ে ।

আনহাতে, হাৰিয়ানাৰ ফৰিদাবাদত গেংষ্টাৰ বিকাশ ডুবেৰ আত্মগোপন খবৰ লাভ কৰাৰ পাচতেই বুধবাৰে হাৰিয়ানা আৰক্ষীক হাই এলাৰ্ট জাৰি কৰা হয় । কিন্তু বিকাশ ডুবেয়ে আত্মগোপন কৰি থকা হোটলখনত আৰক্ষী গৈ পোৱাৰ পূৰ্বেই সেই স্থানৰ পৰা পলায়ন কৰে বিকাশ ডুবেয়ে । আৰক্ষীয়ে চিচিটিভি ফুটেজ চোৱাৰ পাচত বিকাশৰ উপস্থিতি নিশ্চিত কৰে । অৱশ্যে হোটেলৰ পৰা আৰক্ষীয়ে বিকাশ ডুবেৰ দুই সহযোগীক আটক কৰিবলৈ সক্ষম হয় । ইয়াৰ ভিতৰত এজন হৈছে বিকাশৰ ভতিজা প্ৰভাত মিশ্ৰ ওৰফে কাৰ্তিকেয়া । আৰক্ষীয়ে মিশ্ৰৰ পৰা দুটা পিষ্টলো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

এই এনকাউণ্টাৰৰ ঘটনাত জড়িত থকাৰ অভিযোগত সোমবাৰে উত্তৰ প্ৰদেশ আৰক্ষীৰ এজন উপ-পৰিদৰ্শক আৰু দুজন কনিষ্টবলক নিলম্বন কৰা হৈছিল । এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি নিলম্বন কৰা আটাইকেইগৰাকী আৰক্ষীৰ লোকৰে অপৰাধী বিকাশ ডুবেৰ সৈতে সম্পৰ্ক আছিল । তেওঁলোকৰ ফোনৰ সবিশেষ তথ্যৰ পৰা এই কথা পোহৰলৈ আহিছিল ।

উল্লেখ্য যে, বিকাশ ডুবে নামৰ এজন অপৰাধী বিকাৰু গাঁৱত লুকাই থকাৰ সম্ভেদ পাই ৩ জুলাইৰ পুৱতি নিশা ৩.৩০ বজাত প্ৰায় ৫০ জনীয়া আৰক্ষীৰ দলে অভিযান আৰম্ভ কৰিছিল ৷ কিন্তু সেই সময়তে ডুবে আৰু তেওঁৰ দলটোৱে এখন জেচিবিৰে পথটো আবদ্ধ কৰি এটা ঘৰৰ ওপৰৰ পৰা আৰক্ষীলৈ ধাৰাষাৰ গুলীবৰ্ষণ কৰে ৷ এই ঘটনাত চক্ৰ বিষয়া, আৰক্ষী উপ-পৰিদৰ্শক, আৰক্ষী চকীৰ প্ৰভাৰী, কনিষ্টবলসহ মুঠ ৮ গৰাকী আৰক্ষী জোৱান নিহত হৈছিল । ইয়াৰ বিপৰীতে কাণপুৰ এনকাউণ্টাৰত এজন সাধাৰণ নাগৰিকসহ মুঠ ৭ গৰাকী লোক আহত হৈছিল বুলি জানিব পৰা গৈছে । লাভ কৰা তথ্য অনুসৰি, অপৰাধী বিকাশ ডুবেৰ বিৰুদ্ধে চৌবেপুৰ আৰক্ষী থানাত আছিল প্ৰায় ৬০ টা গোচৰ। কিন্তু লক্ষ্যণীয়ভাৱে বৰ্তমান পৰ্যন্ত কাণপুৰৰ 'শীৰ্ষ ১৫' অপৰাধীৰ তালিকাত স্থান নাই বিকাশ ডুবেৰ ৷ কাণপুৰৰ আৰক্ষী বিভাগে প্ৰকাশ কৰিছে এই তথ্য ৷

ABOUT THE AUTHOR

...view details