নিউজ ডেস্ক, ৬ জানুৱাৰী: ব্ৰিটেইনত COVID-১৯ ৰ পুনঃ সংক্ৰমণৰ বাবে ভাৰতৰ ৭২ সংখ্যক গণৰাজ্য দিৱসত উপস্থিত হ'ব নোৱাৰিব ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচন । মংগলবাৰে প্ৰধানমন্ত্ৰী মোডীৰে হোৱা টেলিফোনিক বাৰ্তালাপত এই কথা জনায় জনচনে । কিন্তু তেওঁ পৰৱৰ্তী সময়ত ভাৰত ভ্ৰমণলৈ আহিব বুলিও জনায় ।
মোডী-জনচনৰ বাৰ্তালাপত জনচনে গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে তেওঁক নিমন্ত্ৰণ জনোৱাৰ বাবে মোডীক ধন্যবাদ জ্ঞাপন কৰে । লগতে ব্ৰিটেইনত COVID-১৯ ৰ যি ভয়াৱহতা তাৰ পৰিস্থিতি অতিশীঘ্ৰে সুস্থিৰ হ'বলৈ প্ৰাৰ্থনা জনায় মোডীয়ে । ইয়াৰোপৰি দুয়োখন দেশৰ মাজৰ সহযোগিতাৰ লগতে COVID-১৯ প্ৰতিষেধক অনতি পলমে উপলব্ধ কৰা সন্দৰ্ভতো দুয়ো গৰাকী নেতাই আলোচনা কৰে ।