নিউজ ডেস্ক, 3 জুনঃ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰে কয় যে,দিল্লীৰ সৈতে সীমান্ত মুকলিৰ ক্ষেত্ৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত লোৱা হ'ব ।
উল্লেখ্য যে, দিল্লীত দ্ৰুত গতিত বাঢ়ি অহা কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বাবে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালে ৰাজ্যখনৰ চাৰিসীমা বন্ধ কৰি দিছিল । কেৱল অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহনহে সীমান্তৰে চলাচল কৰাৰ অনুমতি প্ৰদান কৰছিল । ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে আন্তঃ ৰাজ্যিক সীমান্তৰ ক্ষেত্ৰত কোনোধৰণৰ বাধা দিয়া নাই যদিও ৰাজধানী চহৰখনত দ্ৰুত হাৰত বৰ্দ্ধমান হৈ থকা সংক্ৰমণৰ বাবে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।