নতুন দিল্লী, ৩০ এপ্ৰিলঃকৰ'ণা ভাইৰাছৰ ফলত ছীল কৰা হৈছে উত্তৰ প্ৰদেশ, হাৰিয়ানাৰ সৈতে সংযোগ থকা দিল্লীৰ সীমান্ত । ফলত এই দুখন ৰাজ্যৰ দক্ষিণ দিল্লী পৌৰনিগমত কৰ্মৰত কৰ্মচাৰীসকলৰ বাবে দিল্লীতে অস্থায়ী আৱাসৰ ব্যৱস্থা কৰাৰ কথা বুধবাৰে দক্ষিণ দিল্লী পৌৰনিগমৰ ফালৰ পৰা উল্লেখ কৰা হয় ।
সীমান্ত ছীল : দিল্লীতে ৰখাৰ বিকল্প ব্যৱস্থা দুই ৰাজ্যৰ SDMC ষ্টাফ কৰ্মচাৰীক - দক্ষিণ দিল্লী পৌৰনিগম
উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ মাজত থকা দিল্লীৰ সীমান্ত ছীল । সীমান্ত ছীল কৰাৰ পাচতেই দক্ষিণ দিল্লী পৌৰনিগমৰ মন্তব্য, উত্তৰ প্ৰদেশ, হাৰিয়ানা দুখন ৰাজ্যৰ পৌৰনিগমৰ কৰ্মচাৰীৰ বাবে ৰাজধানী চহৰতে অস্থায়ী আৱাসৰ ব্যৱস্থা কৰা হৈছে ।
কৰ্মচাৰী সমূহক চাৰিটা ভাগত ভাগ কৰি গ্ৰুপ এ আৰু গ্ৰুপ বি কৰ্মচাৰীক প্ৰতিদিনে ২০০০ টকাকৈ আৰু গ্ৰুপ চি আৰু গ্ৰুপ ডি কৰ্মচাৰীক প্ৰতিদিনে ১,১০০ টকাকৈ দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে ।
দক্ষিণ দিল্লী পৌৰনিগমৰ এক নিৰ্দেশত কোৱা হৈছে, প্ৰশাসনে সেইসকল কৰ্মচাৰী-বিষয়াৰ বাবে থাকিবলৈ আৰু বৰ্ডিঙৰ সকলো ব্যৱস্থা তথা খৰচ বহন কৰিব যি সকল হাৰিয়ানা, উত্তৰ প্ৰদেশৰ নিৱাসী আৰু দক্ষিণ দিল্লী পৌৰনিগমৰ বাবে কৰ্মৰত । লগতে কৈছে কৰ্মচাৰী সকলে থাকিবলৈ বিকল্প হিচাপে হোটেল, অতিথিশালা, কমিউনিটি হলৰো নিৰ্বাচন কৰিব পাৰে । কেৱল পৰিশোধ লাভৰ বাবে সংশ্লিষ্ট বিভাগৰ উচ্চ বিষয়াক ৰছিদ জমা দিব লাগিব ।