অসম

assam

By

Published : Jul 7, 2020, 5:39 PM IST

ETV Bharat / bharat

স্থলসেনাৰ আৰ্টিলাৰী মোতায়েনৰ বাবে বিআৰঅ'ই নিৰ্মাণ কৰিলে দলং

বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বন, চমুকৈ বিআৰঅ'ই পূৱ লাডাখত এখন দলং নিৰ্মাণ সম্পূৰ্ণ কৰি তোলে ৷ চীনৰ সৈতে উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে কম সময়ৰ ভিতৰত দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তোলে সীমান্তত আন্তঃগাঁথনি নিৰ্মাণকাৰী চৰকাৰী সংস্থাটোৱে ৷

বিআৰঅ'ই নিৰ্মাণ কৰিলে দলং
বিআৰঅ'ই নিৰ্মাণ কৰিলে দলং

নিউজ ডেস্ক, 7 জুলাই : চীনা সীমান্তৱৰ্তী অঞ্চলত যোগাযোগ ব্যৱস্থা খৰতীয়াকৈ উন্নত কৰি তুলিবলৈ বিশেষ কাম কৰি আহিছে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বন, চমুকৈ বিআৰঅ'ই ৷ শেহতীয়াকৈ ভাৰতীয় স্থলসেনাৰ আৰ্টিলাৰী (টোপ)ৰ মোতায়েনৰ বাবে এখন দলং অভিলেখসংখ্যক সময়ত নিৰ্মাণ কৰি উলিয়াই সংস্থাটোৱে ৷ পূৱ লাডাখলৈ আৰ্টিলাৰী হেভী মেছিন সৰবৰাহ কৰিবলৈ বিশেষভাৱে নিৰ্মাণ কৰা হয় দলংখন ৷

এই দলংখন নিৰ্মাণৰ ফলত এতিয়া লাডাখলৈ অতি কম সময়ৰ ভিতৰতে টেংককে ধৰি অন্যান্য আৰ্টিলাৰী বাহন আৰু অস্ত্ৰ-শস্ত্ৰসমূহ কম সময়ৰ ভিতৰতে সৰবৰাহ কৰিব পাৰিব স্থলসেনাই ৷ লেহৰ নিমুৰ ওচৰত তৈয়াৰ কৰি উলিওৱা হৈছে দলংখন ৷ সংস্থাটোৱে উক্ত স্থানত থকা এখন পুৰনি ওলমা দলঙৰ স্থানত এইদৰে নতুন দলংখন নিৰ্মাণ কৰে ৷ পুৰনি ওলমা দলংখনৰ দ্বাৰা সৰ্বাধিক 24 টন ওজনৰ সামগ্ৰী পাৰ হৈ যাব পাৰিছিল যদিও শেহতীয়াকৈ নিৰ্মাণ কৰা দলংখনে 70 টনলৈকে ওজন বহন কৰিব পাৰিব আৰু দলংখন অভিলেখসংখ্যক 3 মাহ সময়ৰ ভিতৰত নিৰ্মাণ কৰা হৈছে ৷

এই দলংখন পথটোৰ 397 কিলোমিটাৰ অংশত নিৰ্মাণ কৰা হৈছে ৷ ইয়াৰ পূৰ্বে উক্ত স্থানত 362, 361 আৰু 397 নামৰ তিনিটা অংশ আছিল ৷ স্থলসেনাৰ অনুৰোধত 397 কিলোমিটাৰ অংশ বিআৰঅ'ৱে ষ্টীলেৰে নিৰ্মিত 50 মিটাৰ দীঘল দলংখন নিৰ্মাণ কৰে ৷ এই দলংখন হৈছে R-70 শ্ৰেণীৰ, যাৰ অৰ্থ হৈছে এইখন দলঙে 70 টন ওজনৰ যিকোনো বাহনৰ ভৰ বহন কৰিবলৈ সক্ষম ৷ উক্ত স্থানতে আন এখন দলং নিৰ্মাণৰ কামো চলি আছে ৷ নিমুৰ বাছগোত নিৰ্মাণকাৰ্য চলি থকা এইখন দলঙো শীঘ্ৰেই প্ৰস্তুত হৈ উঠিব ৷ এইখন দলঙৰ দ্বাৰাও আৰ্টিলাৰী ট্ৰাক আৰু টেংক বোট বাহন পাৰ হৈ যাব পাৰিব বুলি সংস্থাটোৱে প্ৰকাশ কৰে ৷

বিআৰঅ'ৰ মহানিৰ্দেশকৰ সৈতে প্ৰতিৰক্ষা সচিব আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক

আনহাতে মঙলবাৰে নতুন দিল্লীস্থিত সংস্থাটোৱ মুখ্যালয়ত বিআৰঅ'ৰ মহানিৰ্দেশক লেফ. জেন. হৰপল সিঙৰ সৈতে আলোচনাত মিলিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ সীমান্ত অঞ্চলত চলি থকা নিৰ্মাণকাৰ্য সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক তথ্য প্ৰদান কৰে সংস্থাটোৰ মহানিৰ্দেশকগৰাকীয়ে ৷ এই আলোচনাত দেশৰ সামৰিক সচিব ড৹ অজয় কুমাৰো উপস্থিত আছিল ৷

লগতে পঢ়কঃসীমান্তত পথ নিৰ্মান সন্দৰ্ভত ৰাজনাথ সিঙৰ পৰ্যালোচনা বৈঠক

ABOUT THE AUTHOR

...view details