অসম

assam

ETV Bharat / bharat

সীমা-বিবাদক লৈ ভাৰতৰ সৈতে আলোচনাত বহাৰ ইচ্ছাপ্ৰকাশ নেপালৰ - নেপালৰ প্ৰধানমন্ত্ৰী খাদগা প্ৰসাদ শৰ্মা অলি

ভাৰত-নেপাল সীমা বিবাদৰ এক স্থায়ী সমাধান বিচাৰিছে চুবুৰীয়া দেশখনে ৷ আলোচনাৰ মাধ্যমেৰে এই সমস্যাৰ অন্ত পেলাবলৈ বিচাৰিছে দেশখনে ৷

সীমা-বিবাদক লৈ ভাৰতৰ সৈতে আলোচনাত বহাৰ ইচ্ছাপ্ৰকাশ নেপালৰ
সীমা-বিবাদক লৈ ভাৰতৰ সৈতে আলোচনাত বহাৰ ইচ্ছাপ্ৰকাশ নেপালৰ

By

Published : Jun 9, 2020, 8:06 PM IST

নিউজ ডেস্ক, 9 জুনঃনেপালৰ বৈদেশিক মন্ত্ৰী প্ৰদীপ গ্যাৱালীয়ে মঙলবাৰে প্ৰকাশ কৰে যে, ভাৰতৰ সৈতে আলোচনাত বহিবলৈ দেশখনে অধীৰ আগ্ৰহেৰে বাট চাই আছে ৷ দুয়োখন দেশৰ মাজত উদ্ভৱ হোৱা সীমা বিবাদক লৈ এইদৰে মন্তব্য কৰে নেপালৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃচীনা সীমান্তত বন্ধ নহয় নিৰ্মাণকাৰ্যঃ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বন

নেপালৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে সংবাদ প্ৰতিষ্ঠান The Associated Pressৰ আগত দিয়া এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰি দেশখনে বিগত বৰ্ষলৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ লগতে চলিত বৰ্ষৰ মে' মাহতো এই সন্দৰ্ভত ভাৰতক আলোচনাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা বুলি জনায় ৷ নেপালে দুয়োখন দেশৰ মাজৰ সীমা বিবাদ শীঘ্ৰেই সমাধান হোৱাটো বিচাৰি ইয়াৰ বাবে এক স্থায়ী সমাধান কামনা কৰিছে আৰু ভাৰতৰ বাবে অপেক্ষা কৰি আছে ৷ নেপালে দুয়োখন দেশৰ সম্পৰ্কত কোনো যতি নপৰাকৈ সীমা-বিবাদ যিমান সোনকালে হয় সিমান সোনকালে তাক সমাধান কৰাটো বিচাৰিছে ৷

দুয়োখন দেশৰ মাজৰ সীমা বিবাদৰ উৎপত্তি হয়, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামৰিক গুৰুত্বপূৰ্ণ লিপু-লেখত চীন সংযোগী এটা 80 কিলোমিটাৰ দৈৰ্ঘৰ পথ উদ্বোধন কৰাৰ পিচত ৷ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে পথটো উদ্বোধন কৰাৰ পিচতে নেপালে মুকলিকৈ ইয়াৰ বিৰোধ কৰাৰ লগতে দুয়োপক্ষৰ মাজত সংঘাতে দেখা দিয়ে ৷ নেপালৰ প্ৰধানমন্ত্ৰী খাদগা প্ৰসাদ শৰ্মা অলি নেতৃত্বাধীন চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা নেপালৰ মানচিত্ৰত এই অঞ্চলটো দেশখনৰ মাজত সাঙুৰি লয় ৷ যাক লৈ পৰৱৰ্তী সময়ত ভাৰতে বিৰোধ কৰাৰ লগতে দুয়োখন দেশৰ মাজত সংঘাতে দেখা দিয়ে ৷

নেপাল যি কেতিয়াও ঔপনিৱেশিক শাসনৰ অধীনলৈ অহা নাছিল, দেশখনে লিম্পিয়াধুৰা, কালাপানী আৰু লিপু লেখক 1816 চনত ব্ৰিটিছৰ সৈতে স্বাক্ষৰিত হোৱা চাগাউলি চুক্তিৰ অধীনত নিজৰ বুলি দাবী কৰি আহিছে, কিন্তু এই অঞ্চলসমূহ 1962 চনৰ ভাৰত-চীন যুদ্ধৰ পিচৰে পৰাই ভাৰতীয় সৈন্যবাহিনীৰ দখলত আছে ৷

সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, ভাৰতত কৰ'ণা ভাইৰাছৰ প্ৰকোপ কম নোহোৱালৈকে এইক্ষেত্ৰত নেপালৰ সৈতে আলোচনাত মিলিত হোৱাৰ সদিচ্ছা প্ৰকাশ কৰা নাই ভাৰতে ৷ এইক্ষেত্ৰত ভাৰতৰ সিদ্ধান্তক বিৰোধ কৰি নেপালৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কৰ'ণা ভাইৰাছৰ বাবে আমোলাতান্ত্ৰিক আলোচনা বন্ধ কৰি ৰাখিলে পথৰ উদ্বোধনো ভাৰতে বন্ধ কৰি ৰাখিব লাগিছিল বুলি উল্লেখ কৰে ৷ এইটো অঞ্চলত উদ্ভৱ হোৱা বিবাদে দুয়োখন দেশৰ সম্পৰ্কক লৈ এক নতুন প্ৰশ্নৰ অৱতাড়না কৰিছে ৷ নেপালৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে, আলোচনাৰ বাহিৰে এইক্ষেত্ৰত কোনো বিকল্প নাই আৰু কেৱল আনুষ্ঠানিক আলোচনাই নহয়, আলোচনাৰ মাধ্যমেৰে এই সমস্যাৰ এক সমাধান উলিওৱাটো সমানে গুৰুত্বপূৰ্ণ যাৰ দ্বাৰা দুয়োখন দেশে উন্নতিৰ দিশে আগুৱাই যাবলৈ সক্ষম হয় ৷

লগতে পঢ়কঃলাইন অৱ এক্সুৱেল কন্ট্ৰল আৰু ইয়াৰ ব্যৱস্থাপনা

ABOUT THE AUTHOR

...view details