অসম

assam

ETV Bharat / bharat

BookMyShow ত চাকৰি হেৰুৱালে 270 গৰাকী কৰ্মচাৰীয়ে - কৰ্মচাৰী সকলে চাকৰি এৰিবলৈ বাধ্য

বিগত কেইবা সপ্তাহৰ পৰা প্ৰযুক্তি নিৰ্ভৰশীল আগশাৰীৰ ব্যৱসায়-উদ্যোগৰ পৰা কৰ্মচাৰী চাটাই কৰা হৈছে । অনলাইন টিকট বুকিং প্লেটফৰ্ম BookMyShow ৰ পৰা 270 কৰ্মচাৰীক অপসাৰণ কৰা হৈছে ।

BookMyShow,
BookMyShow ত চাকৰি হেৰুৱালে 270 গৰাকী কৰ্মচাৰীয়ে

By

Published : May 29, 2020, 9:33 AM IST

নিউজ ডেস্ক, 29 মে': অনলাইন টিকট বুকিং প্লেটফৰ্ম BookMyShow ৰ পৰা 270 কৰ্মচাৰীক অপসাৰণ কৰা হৈছে । কিয়নো বিগত দুমাহৰো অধিক কাল সকলো বন্ধ হৈ থকাৰ ফলত সংস্থাটোৰ আয় বহু পৰিমানে কমি গৈছে আৰু অনাগত কেইবামাহলৈকেও আয় হ্ৰাস হৈ থকাৰ আশংকা ব্যক্ত কৰিছে উদ্যোগটোৱে । সেয়ে কৰ্মচাৰীৰৰ সংখ্যা হ্ৰাসৰ বাবে বহু কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে ।

BookMyShow ৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি, তেওঁলোকৰ ভাৰতৰ লগতে সমগ্ৰ বিশ্বত মুঠ 1,450 গৰাকী কৰ্মচাৰী আছে । তাৰে ভিতৰত বিভিন্ন দায়িত্বত থকা প্ৰায় 270 গৰাকীক প্ৰতিষ্ঠানটোৰ কঠিন সময়ৰ পৰিপ্ৰেক্ষিতত কামৰ পৰা অব্যাহতি দিয়া হৈছে ।

প্ৰতিস্থানটোৰ মুখ্য কাৰ্যবাহী বিষয়া আশীষ হেমৰাজানিয়ে জনোৱা অনুসৰি, উচ্চ পদত থকা বিষয়াসকলে নিজৰ দৰমহাৰ পৰা স্বেচ্ছাই 10 ৰ পৰা 50 শতাংশলৈ হ্ৰাস কৰি লৈছে আৰু বোনাছো ত্যাগ কৰিছে । কোম্পানীটোয়ে এনেদৰে ভিন্ন কৌশলেৰে খৰচ হ্ৰাসৰ চেষ্টা কৰিছে আৰু অন্তিম উপায় হিচাপে কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিছে ।

উল্লেখ্য যে, বিগত 25 মাৰ্চত লক ডাউন জাৰি কৰাত সমগ্ৰ দেশতে বন্ধ হৈ পৰিছে মাল্টিপ্লেক্স, চিনেমাগৃহ, ষ্টেডিয়াম আৰু বিভিন্ন কাৰ্যসূচীৰ অনুষ্ঠান । সেয়ে ব্যাপক লোকচানৰ সন্মূখীন হৈছে অনলাইন টিকট বিক্ৰী কৰা সংস্থাটো ।

বিগত কেইবা সপ্তাহৰ পৰা প্ৰযুক্তি নিৰ্ভৰশীল আগশাৰীৰৰ ব্যৱসায়-উদ্যোগৰ পৰা কৰ্মচাৰী চাটাই কৰা হৈছে । তাৰে ভিতৰত অ'লা, উবেৰ, জমেট' আৰু ছুইগীয়ো অন্তৰ্ভুক্ত হৈ আছে । ইতিমধ্যে কৰ'ণা ভাইৰাছে দেশীয় অৰ্থনীতিৰ লগতে গোলকীয় অৰ্থনীতিকো তচ-নচ কৰি দিছে ।

ABOUT THE AUTHOR

...view details