নিউজ ডেস্ক, ১৫ জুন :কোভিড-১৯ ৰ সক্ৰমণ ৰোধ কৰাৰ বাবে সোমবাৰে মুম্বাই উচ্চ ন্যায়ালয়ে নতুন নিৰ্দেশনা জাৰি কৰিছে । ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, সকলো বিমান যাত্ৰীয়ে বিমান যাত্ৰাৰ সময়ত মাজৰ আসন খালী ৰখাৰ বাবে অনুমতি প্ৰদান কৰিছে । লগতে, কোভিড-১৯ ৰ সকলো নীতি-নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনাইছে ।
ন্যায়ধীশ এছ জে কথৱালা এছ পি তাবাণ্ডেৰ বিচাৰপীঠত এয়াৰ ইণ্ডিয়াৰ পাইলটৰ আপীলৰ ভিত্তিত বিমানৰ মাজৰ আসন খালী ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে । যদিওৱা বিমান কৰ্তৃপক্ষই মাজৰ আসন খালী নাৰাখে তেতিয়াহলে তাৰ সকলো দায়িত্ব বিমান কৰ্তৃপক্ষক ল'বলৈ নিৰ্দেশ প্ৰদান কৰিছে ।