অসম

assam

ETV Bharat / bharat

কৰিঅ'গ্ৰাফাৰ সৰোজ খানৰ মৃত্যুত শোক প্ৰকাশ বলীউড জগতৰ - বলিউড

বলিউডৰ বৰ্ষীয়ান কৰিঅ'গ্ৰাফাৰ সৰোজ খানৰ দেহৱসান । বৰ্ষীয়ান কৰিঅ'গ্ৰাফাৰ গৰাকীৰ মৃত্য়ুত শোক প্ৰকাশ বলিউডৰ কেইবাগৰাকীও জনপ্ৰিয় ব্যক্তিৰ । টুইটাৰযোগে নিমৰত কৌৰ, আশীষ বিদ্যাৰ্থী আৰু কুণাল কোহলীয়ে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে সৰোজ খানলৈ ।

সৰোজ খান
সৰোজ খান

By

Published : Jul 3, 2020, 12:04 PM IST

Updated : Jul 3, 2020, 12:31 PM IST

নিউজ ডেস্ক,৩ জুলাইঃ বলিউড জগতৰ জনপ্ৰিয় তথা বৰ্ষীয়ান কৰিঅ'গ্ৰাফাৰ সৰোজ খানৰ দেহাৱসান । ৩ জুলাইৰ নিশা প্ৰায় ১.৫২ বজাত শেষ নিশ্বাস ত্যাগ কৰে কৰিঅ'গ্ৰাফাৰ গৰাকীয়ে । হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা সৰোজ খানৰ শেষকৃত্য শুকুৰবাৰে পুৱা মালাদ মুছলিম কবৰস্থানত সম্পন্ন কৰে ।

আনহাতে,বৰ্ষীয়ান কৰিঅ'গ্ৰাফাৰ গৰাকীৰ মৃত্যুত ছ'চিয়েল মিডিয়াযোগে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে কেইবাগৰাকীও জনপ্ৰিয় ব্যক্তিয়ে। সৰোজ খানক শ্ৰদ্ধাঞ্জলী জনাই নিমৰত কৌৰে টুইটাৰত লিখে যে,সৰোজ খানৰ নামৰ পৰাই মই মোৰ জীৱনত কৰিঅ'গ্ৰাফাৰ শব্দৰ লগত পৰিচয় লাভ কৰিছো। এগাৰকী প্ৰতিভাৱান ব্যক্তি যিয়ে কিছু সংখ্যক অভিনেতা আৰু সংগীতক অমৰ কৰিছে । যিয়ে নিজৰ কামৰ জৰিয়তে এটি যুগক প্ৰভাবিত কৰিছে । তেখেতৰ আত্মীয় তথা পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলো ।

লগতে বলিউডৰ নিৰ্দেশক কুণাল কোহলী আৰু আশীষ বিদ্যৰ্থীয়ে টুইটযোগে কৰিঅ'গ্ৰাফাৰ সৰোজ খানলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । উল্লেখ্য যে, সৰোজ খানে ২০০০ৰো অধিক গানত কৰিঅ’গ্ৰাফী কৰিছে । তেওঁৰ কৰিঅ'গ্ৰাফাৰ বাবেই ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈও সক্ষম হৈছিল সৰোজ খানে ।

কৰিঅ'গ্ৰাফাৰ সৰোজ খানৰ মৃত্যুত শওক প্ৰকাশ বলীউড জগতৰ

লগতে চাওকঃ শ্ৰীনগৰ এনকাউন্টাৰ : চিআৰপিএফ জোৱান শ্বহীদ,নিহত সন্ত্ৰাসবাদী

Last Updated : Jul 3, 2020, 12:31 PM IST

ABOUT THE AUTHOR

...view details