নেশ্যনেল ডেস্ক, 4 নৱেম্বৰ: দিল্লীৰ বায়ু প্ৰদূষণক লৈ চিন্তা ব্যক্ত কৰিছে বলীউদৰ নামী-দামী তাৰকাই ৷ মুখত মাস্ক পৰিধান কৰি প্ৰকাশ কৰা এখন ফ'টোৰ জৰিয়তে দিল্লীবাসীৰ লগতে গৃহহীনসকলৰ বাবে সহমৰ্মিতা প্ৰদৰ্শন কৰে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ৷ গৃহহীনসকলৰ দুৰৱস্থাৰ কথা প্ৰকাশ কৰি প্ৰিয়ংকাই নিজে 'এয়াৰ পিউৰিফায়াৰ' আৰু 'মাস্ক' ব্যৱহাৰ কৰি সুৰক্ষিত আছে বুলি মন্তব্য কৰে ৷
তেওঁৰ উপৰি বৰ্ষীয়ান অভিনেতা ঋষি কাপুৰেও বায়ু প্ৰদূষণৰ বাবে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে ৷ টুইটাৰৰ জৰিয়তে দিল্লীৰ বায়ুৰ মানদণ্ড নিম্নমানৰ হোৱা বাবে অসন্তুষ্টি প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ৷