নেশ্যনেল ডেস্ক, 27 জানুৱাৰী : বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ (BTC) ভৌগোলিক পৰিসীমা বৃদ্ধি কৰাৰ উদ্দেশ্যে বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদক পৃথক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ চাৰি বড়ো উগ্ৰপন্থী সংগঠনক সুখী কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে ৷
সোমবাৰে গৃহ মন্ত্ৰণালয়ত তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ সময়তে এই প্ৰস্তাৱে চৰকাৰী সন্মতি লাভ কৰে ৷
ইটিভি ভাৰতক প্ৰদান কৰা এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে United Bodo Peoples Organisation ৰ উপ সভাপতি গম্বৰো মুছাহাৰীয়ে ৷ প্ৰস্তাৱিত পৰিষদখন অসমৰ 21 খন বিভিন্ন জিলাৰ প্ৰায় 10 লাখ বড়ো লোকেৰে গঠিত হ'ব ৷