অসম

assam

ETV Bharat / bharat

বড়ো চুক্তিয়ে শান্তি, সমন্বয় আৰু একতা আনিব : প্ৰধানমন্ত্ৰী মোডী - Bodo Accord will usher in a new dawn of peace, harmony and togetherness: PM Modi

বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পাচতে টুইটাৰৰ জৰিয়তে মন্তব্য আগবঢ়ালে দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে ৷ বড়ো চুক্তিয়ে শান্তি, সমন্বয় আৰু একতা কঢ়িয়াব বুলি তেওঁ মন্তব্য কৰে ৷

বড়ো চুক্তি সম্পৰ্কত মন্তব্য
প্ৰধানমন্ত্ৰী মোডী

By

Published : Jan 27, 2020, 11:35 PM IST

নেশ্যনেল ডেস্ক, 27 জানুৱাৰী : বড়ো উগ্ৰপন্থী সংগঠনৰ সৈতে স্বাক্ষৰিত হোৱা চুক্তিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই চুক্তিয়ে শান্তি, সমন্বয় আৰু একতাৰ ক্ষেত্ৰত পোহৰৰ বাট মুকলি কৰিব বুলি মন্তব্য কৰে মোডীয়ে ৷ লগতে তেওঁ কয় যে, সশস্ত্ৰ সংগঠনৰ সৈতে জড়িত সকলো গোটে এনেদৰে মূলসূঁতিলৈ ঘূৰি অহাৰ লগতে দেশৰ প্ৰগতিত অৰিহণা যোগাব বুলি আশা কৰা হৈছে ৷

এই চুক্তিয়ে বড়ো জনজাতিলৈ পৰিৱৰ্তনকাৰী ফলাফল আনিব কিয়নো ইয়াৰ জৰিয়তে আগশাৰীৰ হিতাধিকাৰী সকলক একেলগ কৰাটো সম্ভৱ হৈ পৰিল আৰু উন্নয়নকামী পদক্ষেপ গ্ৰহণ কৰাত বড়ো লোকসকলৰ সহায় হ'ব বুলি কয় মোডীয়ে ৷

টুইটাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে এই কথা প্ৰকাশ কৰে ৷

আন এক টুইটাৰত মোডীয়ে কয়, "বড়ো গোট সমূহে বড়ো লোকৰ সংস্কৃতি সংৰক্ষণ আৰু সকলোৰে মাজত সংস্কৃতিৰ পৰিচয় কৰোৱাৰ পদক্ষেপ গ্ৰহণ কৰিব ৷"

উল্লেখ্য যে, সোমবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন এনডিএফবিৰ মাজত স্বাক্ষৰিত হ'ল তৃতীয় বড়ো শান্তি চুক্তি ৷ এই চুক্তি অনুসৰি, BTAD ভংগ কৰি গঠন কৰা হ'ব BTR (Bodo Territorial Region) ৷ আনহাতে, বড়ো জনজাতিক প্ৰদান কৰা হ'ল বহুকেইটা ৰাজনৈতিক আৰু অৰ্থনৈতিক সুবিধা ৷

আৰু পঢ়ক : তৃতীয় বড়ো শান্তি চুক্তি: ন্যায্যতা পালে নে বড়োসকলৰ দীৰ্ঘদিনীয়া সংগ্ৰামে !

ABOUT THE AUTHOR

...view details