চলিত বৰ্ষৰ 27 জানুৱাৰী সোমবাৰে এক ত্ৰিপাক্ষিক বৈঠকত স্বাক্ষৰিত কৰা হয় তৃতীয় বড়ো শান্তি চুক্তি ৷ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু এনডিএফবিৰ মাজত স্বাক্ষৰিত হয় এই চুক্তি ৷ ইয়াৰ পাচতেই নগা আৰু আলফা চুক্তিৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷
কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে ভাৰতৰ যি গণতান্ত্ৰিক ব্যৱস্থা আছে তাত কেন্দ্ৰৰ একনায়কত্বক অধিক সুদীৰ্ঘ কৰিব ৷ অৱশ্যে এটা যুক্তিযুক্ততা থাকিব পাৰে যে, এই চুক্তিৰ দ্বাৰা তৃণমূল পৰ্যায়ত ক্ষমতাৰ স্থানন্তৰ কৰা হৈছে ৷ আন কথাত ৰাজ্য চৰকাৰক আওকান কৰি কেন্দ্ৰৰ স্থিতি শক্তিশালী কৰাৰ এক চেষ্টা বুলিও উল্লেখ কৰিব পাৰি ৷
এই ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে কেন্দ্ৰীয় পৰ্যায়ৰ ৰাজ্যমন্ত্ৰী, বড়োলেণ্ড স্বায়িত্ব শাসিত আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰতিনিধিয়ে বড়োলেণ্ড প্ৰাদেশিক ক্ষেত্ৰৰ সকলো দিশ চোৱা-চিতা কৰিব ৷ এই প্ৰতিনিধিৰ দলটোৱে এটা বৰ্ষত দুবাৰকৈ সকলো ব্যৱহাৰিক দিশ আৰু বড়ো অঞ্চলৰ ভাগ্য নিৰ্ণয়ৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰিব ৷ যদিহে অতি গুৰুত্ব সহকাৰে দেখা যায় ইয়াৰ দ্বাৰা বড়োসকলে অত্যাধিক কাৰ্যবাহী, আইনগত, প্ৰশাসনিক তথা আৰ্থিক ক্ষমতা লাভ কৰিবলৈ সক্ষম হ’ব ৷ কিন্তু ইয়াৰ দ্বাৰা ৰাজ্য চৰকাৰে এক বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰাৰ পৰা বঞ্চিত হ’ব ৷
এইটো মন ৰখা উচিত যে, এইয়া তৃতীয় বড়ো চুক্তি ৷ ইয়াৰ পূৰ্বে আবছুৰ নেতৃত্বত 1993 চনত Bodoland Autonomous Council (BAC) স্বাক্ষৰিত হৈছিল ৷ তাৰ পাচত দ্বিতীয়বাৰৰ বাবে 2003 চনত Bodo Liberation Tigers চমুকৈ বিএলটিৰ সৈতে BTC অৰ্থাৎ Bodoland Territorial Council গঠন হৈছিল ৷ 27 জানুৱাৰীত স্বাক্ষৰিত হোৱা এই চুক্তিৰ পাচতেই Bodoland Territorial Region হিচাপে ঘোষণা কৰা হয় ৷ যাৰ দ্বাৰা প্ৰশাসনিক, কাৰ্যবাহী দিশত পূৰ্বতকৈ অধিক শক্তিশালী হ’ব BTR ত৷
আন এক যুক্তি হ’ব পাৰে যে ইয়াৰ দ্বাৰা ৰাজ্যবাদৰ দাবী আগন্তুক দিনলৈ উত্থাপন নহ’ব পাৰে ৷ বড়ো শীৰ্ষ নেতা গোবিন্দ বসুমতাৰীয়ে কৈছে যে, যি প্ৰস্তাৱ লোৱা হৈছে তাত আমি সন্তুষ্ট ৷ এই নতুন মডেলটো এখন স্বতন্ত্ৰ ৰাজ্যৰ দৰেই ৷ গতিকে এখন নতুন ৰাজ্য গঠনৰ প্ৰয়োজনীয়তা আমি বোধ নকৰো ৷