অসম

assam

ETV Bharat / bharat

বিহাৰৰ খাগৰিয়াত নাও দুৰ্ঘটনা : 10 মৃতদেহ উদ্ধাৰ

বান বিধস্ত বিহাৰত সংঘটিত হৈছে তিনিটাকৈ নাও দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত বহু লোকৰ প্ৰাণহানি ৷

By

Published : Aug 6, 2020, 8:38 AM IST

বহু লোকৰ প্ৰাণ হানি
বিহাৰত নাও দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 6 আগষ্ট : বান বিধস্ত বিহাৰত নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত প্ৰায় 15 জন লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছে ৷ খাগৰিয়া জিলাত 10 জনৰ মৃত্যু হোৱাৰ লগতে সহৰ্শা আৰু দৰভংগাত ক্ৰমে তিনি আৰু দুজনৰ মৃত্যু হৈছে ৷

বিহাৰত নাও দুৰ্ঘটনা

খাৰগৰিয়া জিলা দণ্ডাধীশ আলোক ৰঞ্জন ঘোষে কয় যে,গন্দক নদীত সংঘটিত হোৱা দুৰ্ঘটনাগ্ৰস্ত নাৱত 20 জনৰো অধিক লোক আছিল ৷ নাওখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত 10 জন লোকৰ মৃত্যু হয় ৷ প্ৰায় 12 জন লোকে সাঁতুৰি নিজৰ প্ৰাণ ৰক্ষা কৰে ৷ মৃত 10 জনৰে 4 জন পুৰুষ, 4 গৰাকী মহিলা আৰু দুটি শিশু আছিল বুলি জানিব পৰা গৈছে ৷

দৰভংগাত মঙলবাৰৰ নিশা 13 জন লোক কঢ়িয়াই নিয়া এখন নাও কাৰেহ নৈত দুৰ্ঘটনাগ্ৰস্ত হয় ৷ 10 জন লোকে সাঁতুৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে দুগৰাকী প্ৰায় 40-45 বছৰৰ মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে এনডিআৰএফে ৷ আনহাতে, এজন 16 বৰ্ষীয় কিশোৰক বৰ্তমানেও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

সহৰ্শাৰ শিলখোৱা আৰক্ষী থানাৰ অন্তৰ্গত কোচি নৈত 13 জন লোক কঢ়িয়াই নিয়া এখন নাৱৰ দুৰ্ঘটনা সংঘটিত হয় ৷ ছিমৰিৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি, আঠজন লোকে সাঁতুৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় আৰু তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ এগৰাকী 15 বছৰীয়া ছোৱালীৰ উপৰি এজন লোক আৰু তেওঁৰ পাঁচ বৰ্ষীয় পুত্ৰৰ মৃত্যু হয় ৷ আনহাতে, দুজন লোকৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

এই ঘটনাৰ পাচতে বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰে শোকপ্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য ঘোষণা কৰিছে ৷

লগতে পঢ়ক :আহমেদাবাদৰ ক'ভিড হাস্পতালত অগ্নিকাণ্ড : 8 ৰোগীৰ মৃত্যু

ABOUT THE AUTHOR

...view details