অসম

assam

ETV Bharat / bharat

টাইপত ভুল ! কাঁহ আৰু জ্বৰত আক্ৰান্ত ব্যক্তিক কৰ’ণাত আক্ৰান্ত ঘোষণা

সাধাৰণ কাঁহ আৰু জ্বৰত ভুগি থকা এগৰাকী 66 বছৰীয়া ব্যক্তিক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি ঘোষণা কৰে আলিগড়ৰ এটা পৰীক্ষাগাৰে ৷ যাৰ ফলত ব্যক্তিগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ পাঁচগৰাকী সদস্যক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ অৱশ্যে পৰৱৰ্তী সময়ত পৰীক্ষাগাৰ কৰ্তৃপক্ষই নিজৰ ভুল স্বীকাৰ কৰি ব্যক্তিগৰাকীক ঘৰলৈ যাবলৈ দিয়ে ৷

কাঁহ আৰু জ্বৰত আক্ৰান্ত ব্যক্তিক কৰ’ণাত আক্ৰান্ত ঘোষণা
কাঁহ আৰু জ্বৰত আক্ৰান্ত ব্যক্তিক কৰ’ণাত আক্ৰান্ত ঘোষণা

By

Published : Apr 16, 2020, 11:17 AM IST

নিউজ ডেস্ক, 16 এপ্ৰিলঃযিটো সময়ত সমগ্ৰ দেশত কৰ’ণা ভাইৰাছে সংশয়ৰ সৃষ্টি কৰিছে, একে সময়তে উত্তৰ প্ৰদেশৰ আমৰোহাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ সাধাৰণ জ্বৰ-কাঁহত ভুগি থকা এগৰাকী ব্যক্তিক কৰ’ণা ভাইৰাছত আক্ৰান্ত বুলি ঘোষণা কৰাৰ পিচতে অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ ৷

দৰাচলতে এগৰাকী 66 বছৰীয়া বৃদ্ধই কিছুদিন ধৰি জ্বৰ-কাঁহত আক্ৰান্ত হৈছিল ৷ আমৰোহা নৌগানভা চাদাতৰ বাসিন্দা ব্যক্তিগৰাকীক অৱশেষত মোৰাদাবাদ চিকিৎসালত ভৰ্তি কৰোৱা হয় ৷ চিকিৎসালয়খনে তেওঁৰ তেজৰ নমুনা আলিগড়স্থিত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে ৷ সোমবাৰে নিশাৰ ভাগত তেওঁৰ প্ৰতিবেদন চিকিৎসালয়ে লাভ কৰে আৰু প্ৰতিবেদনত ব্যক্তিগৰাকীক কৰ’ণা ভাইৰাছত আক্ৰান্ত বুলি কোৱা হয় ৷

ইয়াৰ পিচতে ব্য়ক্তিগৰাকীৰ পৰিয়ালৰ লোকসকলক আছুতীয়াকৈ নিৰীক্ষণত ৰখাৰ লগতে স্বাস্থ্য বিভাগে তেওঁৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলৰ সন্ধান ল’বলৈ ধৰে ৷

কিন্তু বুধবাৰে চিকিৎসালয়খনৰ মুখ্য স্বাস্থ্য বিষয়া (Chief Medical Officer, CMO)গৰাকীয়ে আলিগড় পৰীক্ষাগাৰে প্ৰেৰণ কৰা প্ৰতিবেদনখনত ভুল থকাৰ কথা স্বীকাৰ কৰে আৰু এয়া টাইপত কৰা ভুলৰ বাবে সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে ৷ বুধবাৰে নিশাৰ ভাগত লাভ কৰা প্ৰতিবেদনখনত ব্যক্তিগৰাকী কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত নহয় বুলি স্বীকাৰ কৰা হয় ৷

ইয়াৰ পিচতেই ব্যক্তিগৰাকীৰ লগতে তেওঁৰ পৰিয়ালক নিজ বাসগৃহলৈ যাবলৈ অনুমতি প্ৰদান কৰে স্বাস্থ্য বিভাগে ৷

লগতে পঢ়কঃচুবুৰীয়া ৰাষ্ট্ৰৰ সহায়াৰ্থে সাজু কৰি ৰখা হৈছে ভাৰতীয় সেনা

ABOUT THE AUTHOR

...view details