অসম

assam

By

Published : Jun 18, 2020, 8:45 PM IST

ETV Bharat / bharat

বাঘজানত পূৰ্ণ গতিত চলি আছে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ প্ৰচেষ্টা

নতুন দিল্লীস্থিত TERI সংস্থাক অইল ইণ্ডিয়া লিমিটেডে অঞ্চলটোৰ পাৰিপাশ্বিক অৱস্থাৰ অধ্যয়ণৰ দায়িত্ব অৰ্পণ কৰিছে ৷ অঞ্চলটোত দলং নিৰ্মাণৰ বাবে 15 ট্ৰাক সামগ্ৰীৰে সৈতে উপস্থিত হৈছে ভাৰতীয় সেনাৰ এটা দল ৷

Blowout in Gas Well of Oil India Limited at Baghjan, Tinsukia District, Assam
বাঘজানত দলং নিৰ্মাণৰ বাবে 15 ট্ৰাক সামগ্ৰীৰে সৈতে উপস্থিত হৈছে ভাৰতীয় সেনাৰ এটা দল

নিউজ ডেস্ক , 18 জুনঃEnvironment Impact Assessment ৰ দ্বাৰা বাঘজান অঞ্চলৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ অধ্যয়নৰ কাম পূৰ্ণগতিত চলি আছে ৷ NABET য়ে বাঘজানৰ সমীপৰ ডিব্ৰু চৈখোৱা আৰু মাগুৰি মতাপুং অঞ্চলৰ পাৰিপাশ্বিক অৱস্থাৰ অধ্যয়ণৰ বাবে নিৰ্বাচিত কৰিছে ৷ অঞ্চল কেইটাৰ বায়ুৰ গুণগত মানদণ্ড আৰু শব্দ প্ৰদূষণৰ মানদণ্ডৰ ওপৰত TERI ৰ অধ্যয়ন চলাই থকা হৈছে ৷ উল্লেখযোগ্য যে, নতুন দিল্লীস্থিত TERI সংস্থাক অইল ইণ্ডিয়া লিমিটেডে এই অধ্যয়নৰ সকলো দায়িত্ব অৰ্পণ কৰিছে ৷

বাঘজানত দলং নিৰ্মাণৰ বাবে 15 ট্ৰাক সামগ্ৰীৰে সৈতে উপস্থিত হৈছে ভাৰতীয় সেনাৰ এটা দল

যোৰহাটৰ Council of Scientific & Industrial Research – North East Institute of Science & Technology ৰ এটা দল অঞ্চলটোৰ ভূকম্পনৰ প্ৰৱণতা অধ্যয়নৰ বাবে বুধবাৰে তিনিচুকীয়াত উপস্থিত হয় ৷ SPA মুম্বাইৰ এটা দলেও অঞ্চলটোত কাম কৰি থকা কৰ্মী সকলৰ সুৰক্ষাৰ বাবে অঞ্চলটোত উপস্থিত হয় ৷

অঞ্চলটোত দলং নিৰ্মাণৰ বাবে 15 ট্ৰাক সামগ্ৰীৰে সৈতে উপস্থিত হয় ভাৰতীয় সেনাৰ এটা দল ৷ দলটোৱে ইতিমধ্যে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃ আজমল চুপাৰ 40 ত আসন লাভ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ হাবিবুৰ ৰহমানৰ

ABOUT THE AUTHOR

...view details