নিউজ ডেস্ক, 18 ছেপ্তেম্বৰ:জ'চে চাৰামেগোৰ ব্লাইণ্ডনেচ উপন্যাসত এখন চহৰৰ বৰ্ণনা উল্লেখ কৰা হৈছিল ৷ য'ত সকলো নাগৰকেই অন্ধত্বৰ মহামাৰীৰ আক্ৰান্ত আছিল ৷ যাৰ পাচতেই ভয়ংকৰ হৈ পৰিছিল পৰিস্থিতি ৷ আৰম্ভ হৈছিল বহু নেতিবাচক কাম ৷ কিন্তু ইয়াত তেনে নহয় ৷ মেক্সিকোৰ টিলটেপেক গাঁৱৰ সকলো লোকেই দৃষ্টিহীন ৷ এইয়া যেন এক অভিশপ্ত বাস্তৱ ৷ আনকি গাঁওখনৰ পোহনীয়া জীৱ-জন্তুবোৰেও চকুৰে দেখা নাপায় ৷
উল্লেখ্য় যে, টিলটেপেক গাঁৱত জাপোটেক নামৰ এটা জনজাতিৰ লোকে বসবাস কৰে ৷ সেই লোকসকল জন্মান্ধ নহয় ৷ গাঁওখনৰ নৱজাতক সকল আন আন সদ্য়োজাত শিশুৰ দৰেই স্বাভাৱিক শৰীৰ লৈ জন্মগ্ৰহণ কৰে ৷ কিন্তু কেনেকৈ জানো সপ্তাহটোৰ ভিতৰতে তেওঁলোকে নিজৰ দৃষ্টিশক্তি হেৰুৱাই পেলায় ৷ এই ঘটনা নতুন নহয় ৷ এই বিষয়ে অৱগত মেক্সিকো চৰকাৰো ৷ যাৰ বাবে দিনতে অন্ধকাৰ জীৱন যাপন কৰা গাঁওখনৰ লোকৰ বিষয়ে প্ৰশাসনৰ উদ্যোগত গৱেষণা আৰম্ভ কৰে বিজ্ঞানীসকলে ৷
গাঁওবাসীৰ দাবী লাবজুৱেলা নামৰ এবিধ গছেই তেওঁলোকৰ অন্ধত্বৰ বাবে দায়ী ৷ সেই গছৰ বাবেই দুঃস্বপ্নত বন্দী গাঁওবাসী ৷ সেই গাঁৱৰ লোকৰ বিষয়ে গৱেষণাৰত বিজ্ঞানী সকলৰ মতে কিন্তু লাবজুৱেলা তেওঁলোকৰ অন্ধত্বৰ বাবে দাবী নহয় ৷ তেন্তে তেওঁলোকৰ অন্ধত্বৰ বাবে দায়ী কোন ?