অসম

assam

By

Published : Nov 11, 2019, 5:38 PM IST

ETV Bharat / bharat

কি হৈছে মনিপুৰত, এমাহত তিনিটাকৈ বোমা বিস্ফোৰণ !

সোমবাৰে মনিপুৰৰ পশ্চিম ইম্ফল জিলাত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা ৷ পুৱা প্ৰায় 5 বাজি 4 মিনিটত এগৰাকী স্থানীয় ঠিকাদাৰৰ বাসগৃহত কোনো অজ্ঞাত ব্যক্তিয়ে  নিক্ষেপ কৰে আই ই ডি বোমা ৷ ৰাজ্যখনত বিগত এটা মাহত এইয়া তৃতীয়টো বোমা বিস্ফোৰণৰ ঘটনা ৷

বিস্ফোৰণৰ ফাইল ফটো

নিউজ ডেস্ক, 11 নৱেম্বৰঃ সোমবাৰে মণিপুৰৰ পশ্চিম ইম্ফল জিলাত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা ৷ পুৱা প্ৰায় 5 বাজি 4 মিনিটত এগৰাকী স্থানীয় ঠিকাদাৰৰ বাসগৃহত কোনো অজ্ঞাত ব্যক্তিয়ে নিক্ষেপ কৰে আই ই ডি বোমা ৷ আৰক্ষীয়ে জনোৱা মতে , বিস্ফোৰণত কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই ৷ আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত ৰুজু কৰিছে এখন এজাহাৰ ৷

ইপিনে, বিস্ফোৰণৰ পাচতেই ঘটনাস্থলীত উপস্থিত হয় বোমা নিষ্ক্ৰিয়কাৰী দল ৷ বিগত এটা মাহত ৰাজ্যখনত এইয়া তৃতীয়টো বোমা-বিস্ফোৰণৰ ঘটনা ৷ ইয়াৰ পূৰ্বে 5 নৱেম্বৰত ৰাজ্যখনৰ ৰাজধানী ইম্ফলত সংঘটিত হৈছিল আই ই ডি বিস্ফোৰণ ৷ উক্ত বিস্ফোৰণটোত এগৰাকী ব্যক্তি আহত হোৱাৰ লগতে পাঁচগৰাকীকৈ আৰক্ষী বিষয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷

আনহাতে, 2 নৱেম্বৰত পূৱ ইম্ফলত জিলাত সংঘটিত আন এক বিস্ফোৰণত আহত হৈছিল ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ দুজনকৈ জোৱান ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details