নিউজ ডেস্ক, 11 জুলাইঃইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে এক সাক্ষাৎকাৰত চিপিএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ বিস্ফোৰক মন্তব্য ৷ বিজেপিৰ সপোন হৈছে বিনা বিৰোধী দেশ গঠনৰ ৷ ইয়াৰ জলন্ত উদাহৰণ হৈছে কৰ্ণাটক আৰু গোৱাৰ নিৰ্বাচন ৷ এইয়া সন্দেহ নাই যে কেৰালাতো বিজেপিয়ে এয়া কৰিবলৈ যথোপযুক্ত চেষ্টা কৰিছিল ৷ কিন্তু কেৰালাবাসীয়ে বিজেপিৰ এই নিকৃষ্ট ৰাজনীতিক সাৰ্থক হ’বলৈ নিদিয়ে ৷
বিনা বিৰোধী দেশ গঠনৰ লক্ষ্য বিজেপিৰঃ সীতাৰাম য়েচুৰী - CPM
ইপিনে কংগ্ৰছ সন্দৰ্ভত য়েচুৰীয়ে কয়, কংগ্ৰেছ বৰ্তমান হৈছে এটা পিতৃহীন ৰাজনৈতিক দল ৷ বিজেপিৰ এই নিকৃষ্ট ৰাজনৈতিক এজেণ্ডাক কংগ্ৰেছে একপ্ৰকাৰৰ সহায়হে কৰিছে বুলি উল্লেখ কৰে ৷
বিনা বিৰোধী দেশ গঠনৰ লক্ষ্য বিজেপিৰঃ চিতাৰাম য়েচূৰি
ইপিনে কংগ্ৰছ সন্দৰ্ভত য়েচুৰীয়ে কয়, কংগ্ৰেছ বৰ্তমান হৈছে এটা পিতৃহীন ৰাজনৈতিক দল ৷ বিজেপিৰ এই নিকৃষ্ট ৰাজনৈতিক এজেণ্ডাক কংগ্ৰেছে একপ্ৰকাৰৰ সহায়হে কৰিছে বুলি উল্লেখ কৰে য়েচুৰীয়ে ৷ বিজেপিৰ এই ষড়যন্ত্ৰ বিৰুদ্ধে ইতিমধ্যে পৰিকল্পনা ৰচিছে চিপিএমে ৷