নেশ্যনেল ডেস্ক, ২৪ ডিচেম্বৰ: পশ্চিমবংগৰ উত্তৰ ২৪ পাৰাগানা জিলাত খাৰদাহ আৰক্ষী থানাৰ সমীপত প্ৰতিবাদ কৰি থকা অৱস্থাতে বিজেপি কৰ্মীৰ ওপৰত লাঠিচালনা আৰক্ষীৰ । খাৰদাহ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, একাংশ বিজেপি কৰ্মীয়ে দলৰ কৰ্মকৰ্তা বুলেট ৰয়ৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি বিটি ৰোড অৱৰোধ কৰে ।
প্ৰতিবাদ কৰি থকা অৱস্থাতে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লৈ খাৰদাহ আৰক্ষী থানাত প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰাৰ চেষ্টা কৰে আৰু তেওঁলোকক বাধা দিবলৈ গৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । অৱশ্যে, গেৰুৱা দলটোৰ মতে, দলৰ কৰ্মীয়ে শান্তিপূৰ্ণভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল যদিও আৰক্ষীয়ে বিনা কাৰণত প্ৰতিবাদকাৰীসকলৰ ওপৰত নিৰ্মমভাৱে লাঠিচালনা কৰে ।
পানীহাতীৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক নিৰ্মল ঘোষে অভিযোগ তোলে যে, বিজেপি কৰ্মীয়ে আৰক্ষী বিষয়াৰ অস্ত্ৰ কাঢ়ি আক্ৰমণ কৰিবলৈ উদ্যত হোৱাতহে আৰক্ষীয়ে লাঠিচালনা কৰে । তেওঁ লগতে কয় যে, গেৰুৱা দলটোৱে পানীহাতী-খাৰদাহ অঞ্চলত অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ চেষ্টা কৰি আছে । বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক শান্তনু বাসুৱে কয় যে, মহিলাসহ বহুকেইজন দলীয় কৰ্মী আৰক্ষীৰ লাঠিচালনাত আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে ।