নিউজ ডেস্ক,১৩ জুনঃ শুকুৰবাৰে বিনা প্রতিদ্বন্দ্বিতাৰে অৰুণাচল ৰাজ্যসভাৰ একমাত্ৰ আসনখন দখল কৰে বিজেপি প্ৰাৰ্থী নবাম ৰেবিয়াই ।
ইয়াৰ পূৰ্বে ৰেবিয়াই ১৯৯৬ ৰ পৰা ২০০২ আৰু ২০০২ ৰ পৰা ২০০৮ চনলৈকে একেৰাহে দুবাৰকৈ পূৰ্বোত্তৰ ৰাজ্যত কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰি জয় লাভ কৰিছিল । ৫৭ বছৰীয়া পূৰ্বৰ কংগ্ৰেছ তথা বৰ্তমানৰ বিজেপি নেতা গৰাকীয়ে বিধানসভাৰ সদস্য আৰু কেবিনেট মন্ত্ৰী হিচাপেও সেৱা আগবঢ়াইছে ।