অসম

assam

ETV Bharat / bharat

হাৰিয়ানাত গোপাল কান্দাৰ সমৰ্থন নলয় বিজেপিয়ে - হাৰিয়ানাত গোপাল কান্দাৰ সমৰ্থন নলয় বিজেপিয়ে

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পিচতে বিজেপিয়ে ৰাজ্যখনৰ লোখিত পাৰ্টীৰ সমৰ্থন গ্ৰহণ নকৰে বুলি ঘোষণা কৰিছে ৷ পাৰ্টীৰ অধ্যক্ষ গোপাল কান্দা নাম আত্মহত্যাৰ গোচৰৰ সৈতে সাঙোৰ খাই পৰিছিল ৷ যাৰ বাবেই বিজেপিয়ে দলটোৰ সমৰ্থন গ্ৰহণ নকৰে বুলি উল্লেখ কৰিছে ৷

হাৰিয়ানাত গোপাল কান্দাৰ সমৰ্থন নলয় বিজেপিয়ে

By

Published : Oct 26, 2019, 4:55 PM IST

নিউজ ডেস্ক, 26 অক্টোবৰঃ আত্মহত্যাৰ গোচৰত সাঙোৰ খাই পৰা নেতাৰ সমৰ্থন গ্ৰহণ নকৰে বিজেপিয়ে ৷ কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে শনিবাৰে হাৰিয়ানাৰ লোখিত পাৰ্টীৰ অধ্যক্ষ গোপাল কান্দাৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰে ৷

গোপাল কান্দা বনাম অনিল বিজ

লগতে পঢ়কঃ চৰকাৰী প্ৰহসনত পৰিণত বৰপেটাৰ আতচবাজী গাঁও

শুকুৰবাৰে কান্দাই বিজেপি দলৰ সৈতে সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল ৷ কান্দাৰ ঘোষণাৰ পিচতে শনিবাৰে কান্দাৰ সমৰ্থন গ্ৰহণ নকৰে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ ৰবিশংকৰ প্ৰসাদৰ লগতে বিজেপিৰ বিধায়িনী বৈঠকত হাৰিয়ানাৰ বিজেপি নেতা অনিল বিজেও একেই কথা প্ৰকাশ কৰে ৷

উল্লেখ্য যে, 2012 চনত কান্দাৰ মালিকানাধীন এমডিএলআৰ এয়াৰলাইনছৰ এগৰাকী বিমান পৰিচাৰিকাই আত্মহত্যা কৰিছিল ৷ গীতিকা শৰ্মা নামৰ বিমান পৰিচাৰিকাগৰাকীয়ে নিজৰ ছুইচাইড নোটত কান্দাৰ নাম উল্লেখ কৰি থৈ গৈছিল ৷ 2012 চনৰ আগষ্ট মাহৰ 5 তাৰিখে দিল্লীৰ অশোক বিহাৰত আত্মহত্যা কৰিছিল গীতিকাই ৷ যাৰ বাবে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গোপাল কান্দাক ৷ অৱশ্যে 2014 চনত দিল্লী উচ্চ ন্যায়ালয়ে কান্দাক জামিন প্ৰদান কৰিছিল ৷

লগতে পঢ়কঃ নৱগ্ৰহত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন খগেন শৰ্মাৰ শেষকৃত্য

90 আসনযুক্ত হাৰিয়ানা বিধানসভাত চৰকাৰ গঠনৰ বাবে বিজেপিয়ে 10খন আসন লাভ কৰা দুষ্যন্ত চৌতালাৰ পাৰ্টী জননায়ক জনতা পাৰ্টীৰ সৈতে সমৰ্থন আগবঢ়াইছে ৷

ABOUT THE AUTHOR

...view details