নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰঃদেশজুৰি উত্তাল কৰি ৰখা নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ ‘সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত আগৰ স্থিতিত আমি অটল, কেনেও আমাক এক ইঞ্চিও বিচলিত কৰিব নোৱাৰে’ এইদৰে আকৌ এবাৰ নিজৰ স্থিতি স্পষ্ট কৰিলে অমিত শ্বাহে ৷
শুকুৰবাৰে ৰাজস্থানৰ যোধপুৰত এক জনসভাত অংশগ্ৰহণ কৰি বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত এক ইঞ্চিও পিছুৱাই নাযায় বুলি উল্লেখ কৰে ৷ লগতে কয় যে বিৰোধীয়ে বিপথে পৰিচালনা কৰাৰ চেষ্টা কৰিছে ৷ সকলো বিৰোধী লগ হ’লেও আমি কোনো কাৰণতে নিজৰ স্থিতি সলনি নকৰো বুলি স্পষ্ট কৰে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে ৷