অসম

assam

ETV Bharat / bharat

ৰাজস্থান উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ নিৰ্দেশক স্বাগতম বিজেপি দলৰ - ৰাজস্থান উচ্চ ন্যায়ালয়ৰ Tatus-Quo নিৰ্দেশক স্বাগতম বিজেপি দলৰ

ৰাজস্থান উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ নিৰ্দেশক স্বাগতম জনাই কেন্দ্ৰত শাসনাধীষ্ঠ বিজেপি চৰকাৰে। শুকুৰবাৰে ৰাজস্থানৰ উচ্চ ন্যায়ালয়ে শশীন পাইলট আৰু ১৮ অন্য বিধায়কৰ বিৰুদ্ধে বিধানসভাৰ অধ্যক্ষৰ পৰা লাভ কৰা জাননী সন্দৰ্ভত স্থিতিশীল বজাই ৰখাৰ নিৰ্দেশক সমৰ্থন বিজেপিৰ ।

ৰাজস্থানৰ উচ্চ ন্যায়ালয়
ৰাজস্থানৰ উচ্চ ন্যায়ালয়

By

Published : Jul 25, 2020, 2:59 PM IST

Updated : Jul 25, 2020, 3:13 PM IST

নিউজ ডেস্ক,২৫ জুলাইঃ ৰাজস্থানৰ উচ্চ ন্যায়ালয়ে শুকুৰবাৰে শচীন পাইলট তথা ১৮ জন বিধায়কৰ বিৰুদ্ধে অযোগ্য়তা ঘটনা সন্দৰ্ভত স্থিতিশীল অৱস্থা বজাই ৰখাৰ নিৰ্দেশ প্ৰদান কৰে । ৰাজস্থান উচ্চ ন্য়ায়ালয়ৰ এই আদেশক সমৰ্থন তথা স্বাগতম জনাই কেন্দ্ৰত শাসনাধীষ্ঠ বিজেপি দলে ।

ঘটনা সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুদেশ ৱাৰ্মাই কয় যে,শুকুৰবাৰে ৰাজস্থান উচ্চ ন্য়ায়ালয়ে লোৱা সিদ্ধান্ত সকলোৱে মানি লোৱা তথা গ্ৰহণ কৰা উচিত । এই সিদ্ধান্ত মানি লোৱাটোৱে গণতন্ত্ৰৰ বাবে মংগলজনক । কংগ্ৰেছৰ নিৰ্ণয়ৰ বাবে এতিয়া কোনো লোকক দোষ দিয়া উচিত নহ'ব ।

এই আদেশৰ সৈতে উচ্চ ন্য়ায়ালয়ৰ অধ্য়ক্ষ চিপি যোশীয়ে ১৪ জুলাইত অযোগ্যতাৰ জাননী সন্দৰ্ভত শুনানি গ্ৰহণ কৰিবলৈ বাধা প্ৰদান কৰে । উচ্চ ন্যায়ালয়ৰ দ্বাৰা শচীন পাইলটৰ ঘটনা সন্দৰ্ভত পক্ষপাতিত্ব থকাক লৈ অনুৰোধৰ পাচত এই আদেশ লাভ কৰে ।

শচীন পাইলটসহ ১৮ গৰাকী বিধায়কক বিধানসভাৰ অধ্যক্ষৰ দ্বাৰা লাভ কৰা অযোগ্যতা জাননী উচ্চ ন্যায়ালয় প্ৰত্য়াহ্বান জনাই । এই জাননী কংগ্ৰেছৰ মুখ্য় চিফ হুইপেৰ অনুৰোধত প্ৰদান কৰা হৈছিল । য'ত শশীন পাইলট তথা তেখেতকৰ সমৰ্থনত থকা ১৮ গাৰকী বিধায়কে চিএলপিৰ বৈঠকত উপস্থিত নথকাৰ অভিযোগ উত্থাপন হৈছিল ।

Last Updated : Jul 25, 2020, 3:13 PM IST

ABOUT THE AUTHOR

...view details