নেশ্যনেল ডেস্ক, ২৯ছেপ্টেম্বৰ: কৃষি আইনৰ বিৰোধিতা কৰিবলৈ গৈ বি জে পিক তীব্ৰ কটাক্ষ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। 'কিছান কী বাত'অনুষ্ঠানৰ জৰিয়তে কৃষি আইনৰ বিৰোধিতা কৰা দেশৰ ভিন্ন প্ৰান্তৰ কৃষকৰ সৈতে মত বিনময় কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। মঙলবাৰে 'কিছান কী বাত'ৰ এটা ভিডিঅ' টুইটযোগে শ্বেয়াৰ কৰে। কৃষকৰ সৈতে মত বিনিময় অব্যাহত থকাৰ মাজতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত বি জে পি ব্ৰিটিছৰ পক্ষত আছিল বুলি অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে।
কৃষি আইন কৃষকৰ বুকুত কৰা ছুৰিকাঘাতৰ সমতুল্য বুলি সমালেচনা কৰি কয় যে,বিমুদ্ৰাকৰণ,জি এছ টি, কৃষি আইনৰ মাজত কোনো প্ৰভেদ নাই। বিমুদ্ৰাকৰণ,জি এছ টি নিজৰ ভৰিত কুঠাৰ মৰাৰ দৰে আৰু কৃষি আইন কৃষকৰ বুকুত কৰা ছুৰিকাঘাতৰ দৰে। কৃষকৰ সমস্যাৰ কথা বি জে পিয়ে অনুধাৱন কৰিব নোৱাৰে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। মত-বিনিময়ৰ মাজতে মহাৰাষ্ট্ৰৰ এগৰাকী কৃষকে কয় যে,জাতিৰ পিতা মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে অহিংসা আন্দোলন কৰিছিল।