নেশ্বনেল ডেস্ক, 11 আগষ্ট : প্ৰাক্তন বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজৰ মৃত্যুৰ পাছতে তেওঁৰ সোঁৱৰণিত এখন সমবেদনা সভাৰ আয়োজন কৰিব বিজেপিয়ে ৷ এই সভাত বহু কেইখন দেশৰ কূটনৈতিক বিষয়া আৰু নেতাই অংশগ্ৰহণ কৰাৰ আশা প্ৰকাশ কৰা হৈছে ৷ গোটেই জীৱন বিজেপিৰ বাবে সেৱা আগবঢ়োৱা বলিষ্ঠ নেত্ৰীগৰাকীৰ স্মৃতিত এই সভাৰ আয়োজন কৰিব বিজেপি দলে ৷
বিজেপিৰ সমবেদনা সভাঃ অংশগ্ৰহণ কৰিব বিশ্বৰ কূটনৈতিক বিষয়া, নেতাই
সুষমা স্বৰাজৰ মৃত্যুৰ পাছতে এখন সমবেদনা সভাৰ আয়োজন কৰিব বিজেপিয়ে ৷ এই সভাত বহু কেইখন দেশৰ কূটনৈতিক বিষয়া আৰু নেতাই অংশগ্ৰহণ কৰিব ৷
জৱাহৰলাল নেহৰু ষ্টেডিয়ামত মঙলবাৰে বিয়লি 4 বজাত আয়োজন কৰিবলগা এই সভাত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷
উল্লেখ্য যে, আগষ্টৰ 6 তাৰিখে বৰ্ষীয়ান নেত্ৰীগৰাকীয়ে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল ৷ ৰাজ্যিক সন্মানেৰে তেওঁক অন্তিম সংস্কাৰ কৰাৰ সময়ত হাজাৰোধিক লোকে তেওঁক শেষ বিদায় জনায় ৷ প্ৰধানমন্ত্ৰী মোডী সহিতে জ্যেষ্ঠ নেতা আৰু পৰিয়াল, বন্ধুবৰ্গ আৰু অসংখ্য গুণমুগ্ধই 67 বৰ্ষীয় ৰাজনীতিবিদ গৰাকীক অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়ে ৷