অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত অনুৰাগ ঠাকুৰ - জম্মু-কাশ্মীৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন

জম্মু-কাশ্মীৰক কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰাৰ পিচতেই প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৷ বিজেপিয়ে নিৰ্বাচনত নিৰ্বাচনী পৰ্যবেক্ষকৰ দায়িত্বভাৰ প্ৰদান কৰিছে দলটোৰ যুৱ নেতা তথা কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী অনুৰাগ ঠাকুৰক ৷

জম্মু-কাশ্মীৰৰ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত অনুৰাগ ঠাকুৰ
জম্মু-কাশ্মীৰৰ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত অনুৰাগ ঠাকুৰ

By

Published : Nov 16, 2020, 10:05 AM IST

নিউজ ডেস্ক, 16 নৱেম্বৰ : বিহাৰৰ নিৰ্বাচনত বিশেষ দায়িত্বত থকা আৰু দলটোৰ সাধাৰণ সম্পাদক ভূপেন্দ্ৰ যাদৱক হায়দৰাবাদৰ পৌৰসভা নিৰ্বাচনৰ দায়িত্ব অৰ্পন কৰাৰ পিচতেই বিজেপিয়ে এইবাৰ কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী অনুৰাগ ঠাকুৰক অৰ্পন কৰিছে আন এক বিশেষ দায়িত্ব ৷ অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পিচত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৷ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় দলটোৱে দায়িত্ব প্ৰদান কৰিছে অনুৰাগ সিং ঠাকুৰক ৷

বিজেপিৰ অৰুণ সিঙে স্বাক্ষৰ কৰা এক বিজ্ঞপ্তিযোগে বিজেপিৰ অধ্যক্ষ জে পি নড্ডাই ঠাকুৰক এই দায়িত্ব ন্যস্ত কৰিছে ৷ ঠাকুৰক এই কাৰ্যত সহায় কৰিবৰ বাবে বিজেপি মুখপাত্ৰ শ্বাহনৱাজ হুছেইন আৰু হাৰিয়ানাৰ সাংসদ সঞ্জয় ভাটিয়াক সহযোগী হিচাপে নিয়োগ কৰিছে বিজেপিয়ে ৷

28 নৱেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ 8 টা পৰ্যায়ত জম্মু-কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ ইয়াৰ পূৰ্বে বিজেপিয়ে লাডাখৰ স্থানীয় নিৰ্বাচনতো জয়লাভ কৰিছিল ৷

লগতে পঢ়ক :যুদ্ধবিৰতি উলংঘণ সন্দৰ্ভত পাকিস্তানৰ বিৰুদ্ধে মানৱাধিকাৰ ভংগৰ অভিযোগ বিএছএফৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details