অসম

assam

ETV Bharat / bharat

অৰুন্ধতি ৰয়ৰ বিতৰ্কিত মন্তব্যক লৈ ক্ষুদ্ধ বিজেপি - অৰুন্ধতি ৰয়ৰ বিতৰ্কিত মন্তব্যক লৈ ক্ষুদ্ধ বিজেপি

বুকাৰ প্ৰাইজ বিজয়ী লেখিকা অৰুন্ধতি ৰয়ে শেহতীয়াকৈ মুছলিম ধৰ্মাৱলম্বী লোকসকল ভাৰতত সুৰক্ষিত নহয় বুলি কৰা মন্তব্যক লৈ অসন্তুষ্ট প্ৰকাশ বিজেপিৰ ।

BJP slams Arundhati Roy over her remarks on Indian Muslims
অৰুন্ধতি ৰয়ৰ বিতৰ্কিত মন্তব্যক লৈ ক্ষুদ্ধ বিজেপি

By

Published : Apr 20, 2020, 10:37 AM IST

Updated : Apr 20, 2020, 11:01 AM IST

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ ভাৰতত ভাৰতীয় মুছলিম সুৰক্ষিত নহয় এই মন্তব্য শনিবাৰে এক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰদান কৰিছে ভাৰতৰ প্ৰসিদ্ধ লেখিকা অৰুন্ধতি ৰয়ে । এই মন্তব্যৰ পাচতেই দেওবাৰে বিজেপিৰ নেতা শ্বাহনাৱাজ হুচেইনৰ প্ৰত্যাক্ৰমণ ।

মেগছেছে বঁটা বিজয়ী লেখিকা অৰুদ্ধতী ৰয়ে শনিবাৰে এটা জাৰ্মান চেনেলত দিয়া সাক্ষাৎকাৰত কৈছিল,কেন্দ্ৰৰ মোডী চৰকাৰে প্ৰায় একে পথ অৱলম্বন কৰিছে যেনেকৈ নাজি ইহুদি লোকৰ বিৰোধী আছিল । লেখিকাগৰাকীয়ে স্পষ্টকৈ কয় যে,মোডী চৰকাৰ মুছলিম বিৰোধী। মুছলিমৰ বিৰুদ্ধে স্বৈৰাচাৰী আচৰণ দেখুৱাই ডিটেনশ্যন কেম্পলৈ নিয়া আৰম্ভ কৰিছে ।

পূৰ্বৰ পৰাই অৰুন্ধতি ৰয়ে,বিজেপি-আৰ এছ এছৰ আদৰ্শক লৈ তীব্ৰ বিৰোধী আৰু সমালোচনা কৰাৰ শীৰ্ষত আছিল। কিন্তু মহামাৰীৰ সময়ত এনে মন্তব্যই এতিয়া বহুত মনত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

অৱশ্য়ে এই মন্তব্যৰ পাচতেই বিজেপি নেতা শ্বাহনাৱাজ হুচেইনে অৰুন্ধতি ৰয়ৰ এনে মন্তব্য কেৱল নিন্দা জনকেই নহয়,দেশবাসীৰ আগত ক্ষমা খোজাৰ যোগ্য বুলি বুলি কয় । এনে ধৰণৰ মন্তব্যই হিন্দু-মুছলিমৰ একতাক আক্ৰমণ কৰিব। যি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ নাগৰিকৰ যথোপযুক্ত সহায়ৰ বাবে দিনে-নিশাই কাম কৰি আছে। সেই সময়ত দেশৰ বাহিৰত এক প্ৰচাৰ মাধ্যমত এনে মন্তব্য দিয়াটো গৰিহণাৰ যোগ্য বুলি মন্তব্য কৰে।

ইয়াৰ লগতে হুচেইনে কয়,ভাৰতত ভাৰতৰ মুছলমান আটাইতকৈ নিৰাপদ। এজন ভাৰতৰ মুছলমান হিচাপে মই দাবী কৰিব পাৰো যে,মুছলমান সকল নিজেই ভাৰতত আটাইতকৈ বেছি সুৰক্ষিত অনুভৱ কৰে। এনে ধৰণৰ বিতৰ্কিত মন্তব্য অৰুদ্ধতী ৰয়ে উঠাই লোৱা উচিত ।

Last Updated : Apr 20, 2020, 11:01 AM IST

ABOUT THE AUTHOR

...view details