নেশ্যনেল ডেস্ক, 21 নৱেম্বৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু এন চি পি সচিব শাৰদ পাৱাৰৰ বৈঠক অৰাজনৈতিক বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱলেৰ ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আৰু ৰিপাব্লিকেন পাৰ্টী অৱ ইণ্ডিয়াৰ সচিব ৰামদাস আঠাৱলেয়ে কয় যে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু এন চি পি সচিব শাৰদ পাৱাৰৰ বৈঠকৰ পাচত বিজেপি আৰু এন চি পিৰ মাজত এক নতুন বন্ধুত্ব আৰম্ভ হ’ব পাৰে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু এন চি পি সচিব শাৰদ পাৱাৰৰ বৈঠক অৰাজনৈতিক: ৰামদাস আঠাৱলে - শিৱ সেনা আৰু এন চি পিৰ মিত্ৰতা
কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱলেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু এন চি পি সচিব শাৰদ পাৱাৰৰ বৈঠক অৰাজনৈতিক বুলি মন্তব্য কৰে ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আৰু ৰিপাব্লিকেন পাৰ্টী অব ইণ্ডিয়াৰ সচিব ৰামদাস আঠাৱলেয়ে কয় যে, শিৱ সেনা আৰু এন চি পিৰ মিত্ৰতা দীৰ্ঘদিনীয়া নহ'ব ৷
বিজেপি আৰু এন চি পিৰ মাজত এক নতুন বন্ধুত্ব: ৰামদাস আঠাৱলে
উক্ত বৈঠকৰ সন্দৰ্ভত শাৰদ পাৱাৰে কয় যে কোনো ধৰণৰ ৰাজনৈতিক বিষয় আলোচনা কৰা হোৱা নাই ৷ উল্লেখযোগ্য যে, শাৰদ পাৱাৰে 2014-ত বিজেপি লৈ সমৰ্থন আগবঢ়াইছিল আৰু বৰ্তমান সময়ত মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত বিজেপিক এন চি পিৰ সমৰ্থনৰ দৰকাৰ হোৱাত বিজেপিক সমৰ্থন কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ মন্ত্ৰী আঠাৱলেয়ে লগতে কয় যে, শিৱ সেনা আৰু এন চি পিৰ মিত্ৰতা দীৰ্ঘদিনীয়া নহ'ব ৷
লগতে পঢ়ক : চোৰাং সৰবৰাহৰ ঘাটিলৈ পৰিণত গুৱাহাটী মহানগৰী