নিউজ ডেস্ক, 17 জুন : সোমবাৰে অনুষ্ঠিত হোৱা 17 সংখ্যক লোকসভাৰ প্ৰথমখন অদিৱেশনত সাতবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা বীৰেন্দ্ৰ কুমাৰক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে লোকসভাৰ 'প্ৰটেম অধ্যক্ষ' হিচাপে শপত গ্ৰহণ কৰোৱায় ৷ বিজেপি সাংসদ বীৰেন্দ্ৰ কুমাৰে মধ্য প্ৰদেশৰ টিকামগঢ়ৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছিল ৷
লোকসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ বীৰেন্দ্ৰ কুমাৰৰ - সাতবাৰৰ সাংসদ
সাতবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা বীৰেন্দ্ৰ কুমাৰক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে লোকসভাৰ 'প্ৰটেম অধ্যক্ষ' হিচাপে শপত গ্ৰহণ কৰোৱায় ৷ বিজেপি সাংসদ বীৰেন্দ্ৰ কুমাৰে মধ্য প্ৰদেশৰ টিকামগঢ়ৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছিল ৷
'প্ৰটেম স্পীকাৰ' হিচাপে শপত গ্ৰহণ বীৰেন্দ্ৰ কুমাৰৰ
ইয়াৰ পাছতে অন্য সাংসদসকলৰো শপত গ্ৰহণ অনুষ্ঠিত কৰা হয় ৷ প্ৰথমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শপত গ্ৰহণ কৰাৰ পাছতে ৰাজনাথ সিং, অমিত শ্বাহ, নীতিন গাডকাৰী সহিতে কেবিনেটৰ মন্ত্ৰীসকলেও শপত গ্ৰহণ কৰে ৷ সোমবাৰৰ উপৰি মঙলবাৰেও এই শপত গ্ৰহণ অনুষ্ঠান চলি থাকিব বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে লোকসভাৰ এই প্ৰথম অধিৱেশন 26 জুলাইলৈকে চলিব ৷