অসম

assam

ETV Bharat / bharat

হিন্দু,মুছলিম সকলোৱে বিচাৰিছে জনসংখ্যা নিয়ন্ত্ৰণ আইনঃ বিজেপি সাংসদ - জনসংখ্যা নিয়ন্ত্ৰণ আইন

শীঘ্ৰে জনসংখ্যা নিয়ন্ত্ৰণ আইন শীঘ্ৰে বলবৎ কৰিবলৈ প্ৰধানমন্ত্ৰীক পত্ৰযোগে আহ্বান জনালে বিজেপি সাংসদ অনিল আগৰৱালে ৷ শীঘ্ৰে এই আইন বলবৎ নকৰিলে দেশে ভয়াৱহ সমস্যাৰ সন্মুখীন হ’ব লাগিব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

BJP MP urges Modi to table Population Control Bill in Parliament
BJP MP urges Modi to table Population Control Bill in Parliament

By

Published : Aug 10, 2020, 12:43 PM IST

নিউজ ডেস্ক , 10 আগষ্টঃ সদনৰ পৰৱৰ্তী অধিবেশনত জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কখন উত্থাপন কৰিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ জনালে বিজেপিৰ সাংসদ অনিল আগৰৱালে ৷ জনসংখ্যা বিষ্ফোৰণৰ বিষয়টো গুৰুত্বসহকাৰে পৰ্যবেক্ষণ কৰা উচিত আৰু জনসংখ্যা নিয়ন্ত্ৰণ হ’লেহে দেশত "আত্মনিৰ্ভৰ ভাৰত অভিযান"সফল হ’ব বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে সাংসদ গৰাকীয়ে ৷ সাংসদ গৰাকীয়ে লগতে উল্লেখ কৰে যে,হিন্দু ,মুছলিম আৰু সকলো ধৰ্মৰ লোকেই এই আইনখন বলবৎ হোৱাটো বিচাৰিছে ৷ বৰ্তমান দেশত যি হাৰত জনসংখ্যা বিষ্ফোৰণ হ’বলৈ আৰম্ভ কৰিছে,এই গতি অব্যাহত থাকিলে খুব কম সময়ৰ ভিতৰতেই ভাৰতে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ চীনক অতিক্ৰম কৰিব ৷ দেশত ইতিমধ্যে আবাদী ভূমিৰ পৰিমাণ কমি আহিছে,যদিহে এই আইন বলবৎ কৰা নহয়,অতি শীঘ্ৰেই দেশে বহু সমস্যাৰ সন্মুখীন হ’ব বুলি আশংকা প্ৰকাশ কৰে সাংসদ অনিল আগৰৱালে ৷

জনসংখ্যা নিয়ন্ত্ৰণ হ’লেহে দেশত "আত্মনিৰ্ভৰ ভাৰত অভিযান" সফল হ’ব

প্ৰধানমন্ত্ৰীক সম্বোধন কৰি লিখা পত্ৰখনৰ যোগেদি সাংসদ গৰাকীয়ে লগতে কয় যে,তিনি তালাক আইনেই হওক বা ৰাম মন্দিৰেই হওক বা অনুচ্ছেদ 370 , প্ৰধানমন্ত্ৰী গৰাকীয়ে তেখেতৰ সদায়ে প্ৰতিশ্ৰুতি সমূহ ৰক্ষা কৰি আহিছে ৷ 2019 চনৰ স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে দিয়া জনসংখ্যা নিয়ন্ত্ৰণ আইন বলবৎ কৰাৰ প্ৰতিশ্ৰুতি পালন কৰাৰ সময় আহি পৰিল ৷

উল্লেখ্য যে, 2019 চনৰ জুলাই মাহত,উচ্চ সদনত ৰাজ্যসভাৰ সাংসদ ৰাকেশ সিঙে জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কখন উত্থাপন কৰিছিল ৷ সদনৰ 125 গৰাকী সদস্যই বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়াই স্বাক্ষৰ প্ৰদান কৰিছিল ৷ সম্প্ৰতি আইনত পৰিণত হ’বলৈ বাকী ৰৈছে বিধেয়কখন ৷

লগতে পঢ়কঃ ৰিপুন বৰাই ভাবিব নালাগে অগপৰ কথা : অতুল বৰা

ABOUT THE AUTHOR

...view details