অসম

assam

ETV Bharat / bharat

বিজেপিয়ে মুকলি কৰিলে 2019ৰ নিৰ্বাচনী ইস্তাহাৰ

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি ৷ সোমবাৰে মুকলি কৰা হ'ল ইস্তাহাৰ ৷ বিজেপিয়ে এই ইস্তাহাৰক সংকল্প পত্ৰ নাম দিছে ৷

বিজেপিৰ মুকলি কৰিলে 2019ৰ নিৰ্বাচনী ইস্তাহাৰ

By

Published : Apr 8, 2019, 3:37 PM IST

নিউজ ডেস্ক 8 এপ্ৰিলঃ বিজেপিয়ে নতুন দিল্লীত সোমবাৰে 2019 চনৰ সাধাৰণ নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে৷ এই নিৰ্বাচনী ইস্তাহাৰক বিজেপিয়ে সংকল্প পত্ৰ নাম দিছে৷ বিজেপি ৰ সংকল্প পত্ৰত মুকলি কৰাৰ পূৰ্বে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে চলিত চৰকাৰ খনৰ সাফল্যৰ এক খাতিয়ান দাঙি ধৰে৷ এই সংকল্প পত্ৰ মুকলি কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে "দেশে আৰু দুৰ্নীতি সহ্য কৰিবলৈ প্ৰস্তুত নহয়৷ দুখীয়া, গাঁও, কৃষকৰ উন্নয়নেই আমাৰ লক্ষ্য৷ দেশৰ জনতাই স্বচ্ছতাক আন্দোলন ৰূপে আকোঁৱালী লৈছে৷ আমাৰ হাতত 2022 লৈকে সংকল্প লৈছো, 2022 ত আমি তিনি বছৰৰ কামৰ হিচাপ দিম৷ 2022 ত স্বাধীনতাৰ 75 বছৰ সম্পূৰ্ণ হব আৰু তাৰ বাবে 75টা ব্যৱস্থা, 75 টা সংকল্প আমি তৈয়াৰ কৰিছো৷" প্ৰধান মন্ত্ৰীয়ে লগতে কয় যে যোৱা দুমাহত গৃহমন্ত্ৰীয়ে যিদৰে কষ্ট কৰি সাধাৰণ জনতাৰ কথা শুনি সংকল্প পত্ৰ তৈয়াৰ কৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন গৃহমন্ত্ৰী ৰাজনাথ সিঙক ৷

বিজেপিৰ মুকলি কৰিলে 2019ৰ নিৰ্বাচনী ইস্তাহাৰ

বিজেপিৰ ঘোষণা পত্ৰ মুকলি কৰে গৃহমন্ত্ৰী ৰাজনাথ সিঙে৷ ৰাজনাথ সিঙে ঘোষণা কৰা ঘোষণা পত্ৰৰ মুল বিষয় সমূহ হৈছেঃ-

1. জম্মু আৰু কাশ্মীৰত 370 ধাৰা, 35 এ শেষ কৰা হ'ব৷

2. বিশ্ব তৃতীয় অৰ্থনীতি হোৱা লক্ষ্য৷

3. নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হব লগতে কোনো ৰাজ্যৰ স্বাৰ্থ বিঘ্নিত হবলৈ দিয়া নহব৷

4. প্ৰত্যেক ব্যক্তিৰ বাবে 5 কিঃমিঃ অন্তত বেংকিং সেৱা উপলব্ধ কৰাৰ প্ৰয়াস কৰা হ'ব৷

5. ৰাষ্ট্ৰীয় ঘাইপথ দুগুণ ৰূপে বিস্তাৰিত কৰিব ৷

6. 75 নতুন মেডিকেল কলেজ আৰু স্নাতোক্তৰ মেডিকেল কলেজ স্থাপন কৰা হ'ব৷

7.সৰু ব্যৱসায়ী সকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা হ'ব৷

8. দেশত একে লগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে চৰ্চা কৰা হ'ব৷

9.ৰাষ্ট্ৰীয় বেপাৰ আয়োগ গঠন কৰা হ'ব৷

10. সকলো কৃষকক পেঞ্চনৰ ব্যৱস্থা কৰা হ'ব৷

11. সকলো কৃষকক কৃষক সন্মান নিধিৰ দ্বাৰা উপকৃত হ'ব৷

12. 25 লাখ কোটি গ্ৰামীণ ক্ষেত্ৰৰ উন্নয়নৰ বাবে খৰচ কৰা হ'ব৷

13. কৃষকক 1 লাখলৈ ক্ৰেডিট কাৰ্ডৰে যি ঋণ লোৱা হয়, তাত অহা 5 বছৰলৈ কোনো ধৰণৰ সুত লোৱা নহব৷

14.ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ যথাসম্ভৱ প্ৰচেষ্টা কৰা হ'ব৷

15. 2020 লৈকে সকলো ৰেল পথত বৈদ্যুতিকৰণ কৰা হ'ব৷

16. তিনি তালাকৰ বিৰোধে আইন তৈয়াৰ কৰি ইয়াক বেআইনী ঘোষণা কৰা হ'ব৷

এই ঘোষণা পত্ৰ মুকলি অনুষ্ঠানত বিত্ত মন্ত্ৰী অৰুণ জেটলী বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে ও ভাষণ দিয়ে৷

ABOUT THE AUTHOR

...view details