অসম

assam

ETV Bharat / bharat

মোদী চৰকাৰৰ বিমুদ্ৰাকৰণৰ তিনিটা বছৰ ! - ৰাহল গান্ধীক আক্ৰমণ বিজেপি নেতা প্ৰেম শুকলাৰ

দেশে সম্পূৰ্ণ কৰিলে বিমুদ্ৰাকৰণৰ তিনিটা বছৰ ৷ বিমুদ্ৰাকৰণৰ তৃতীয়টো বৰ্ষপুতিত চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা ৰাহুল-মমতাৰ ৷

বিমুদ্ৰাকৰণৰ তিনিটা বছৰ

By

Published : Nov 8, 2019, 8:03 PM IST

নিউজ ডেস্ক, 8 নৱেম্বৰঃ শুকুৰবাৰে দেশে সম্পূৰ্ণ কৰিলে বিমুদ্ৰাকৰণৰ তিনিটা বছৰ ৷ 2016 চনৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী মোদীয়ে দেশত পুৰণি 500 আৰু 1000 টকীয়া নোটৰ প্ৰচলনবন্ধ কৰিছিল ৷ তৃতীয়টো বৰ্ষপুতিত এক টুইটযোগে বিমুদ্ৰাকৰণক দেশৰ বাবে এক অৰ্থনৈতিক সন্ত্ৰাস আখ্যা দিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷

ৰাহুলক কটাক্ষ প্ৰেম শুকলাৰ

ৰাহুল গান্ধীয়ে টুইটযোগে মন্তব্য কৰে যে, বিমুদ্ৰাকৰণৰ সন্ত্ৰাসে দেশৰ অৰ্থব্যৱস্থাক ধ্বংসৰ মুখলৈ ঠেলি দিছে ৷ বিমুদ্ৰকৰণে ক্ষুদ্ৰ ব্যৱসায় সমূহক ধ্বংস কৰাৰ লগতে দেশত নিৱনুৱা সমস্যা বৃদ্ধি কৰিলে বুলিও টুইটযোগে মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

ইপিনে, ৰাহুল গান্ধীৰ এই মন্তব্যক তীব্ৰ ভাষাৰে কটাক্ষ কৰে বিজেপি নেতা প্ৰেম শুক্লাই ৷ বিজেপি নেতাগৰাকীৰ মন্তব্য- দেশৰ জনসাধাৰণে মোদী চৰকাৰৰ এই সিদ্ধান্তক সমৰ্থন জনাইছে ৷ ৰাহুল গান্ধীৰ ওপৰত যেতিয়াই মানসিক হেঁচা বৃদ্ধি পায় তেতিয়াই তেওঁ এনেকুৱা মন্তব্য আগবঢ়ায় ৷ বিমুদ্ৰাকৰণৰ জৰিয়তে দেশৰ বেংক সমূহৰ সংস্কাৰ সাধন হৈছে সন্ত্ৰাসবাদী কাৰ্য-কলাপ কমিছে আৰু দেশত ক'লা ধন বন্ধ হৈছে বুলিও মন্তব্য কৰে বিজেপি নেতাগৰাকীয়ে ৷

লগতে পঢ়কঃ দেৱেন্দ্ৰ ফাড়নাবিছ পদত্যাগ; কোন হ'ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী !


ইপিনে, বিমুদ্ৰাকৰণৰ তৃতীয়টো বৰ্ষপুতিত চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ এক টুইটযোগে তৃণমূলৰ নেত্ৰীগৰাকীয়ে কয় যে, মই ইয়াৰ পূৰ্বে কৈছিলো বিমুদ্ৰাকৰণৰ জৰিয়তে দেশৰ লাখ-লাখ লোকৰ জীৱনৰ ক্ষতি হ'ব ৷ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তথ্যই বিমুদ্ৰাকৰণৰ সিদ্ধান্তক অৰ্থহীন প্ৰমাণিত কৰিলে ৷

ABOUT THE AUTHOR

...view details