তেজপুৰ,২৯ মে':অৰুণাচল প্ৰদেশত দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰে পেমা খাণ্ডুৱে ৷ উপ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰে চাউনা মেনে ৷ ৰাজ্যপাল ব্ৰিগ্ৰেডিয়াৰ ডঃ বি ডি মিশ্ৰই মন্ত্ৰীসভাখনৰ শপতবাক্য পাঠ কৰোৱায় ৷ অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা , টিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ দেৱৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি ৷ বাংগকী লৌৱাংগ, টাগে টাকি ,টুমকে বাংগ্ৰা , বামাংগ ফেলিক্স , মামা নাটুংগ ,নাকাপ নালৌস, হোনচুম নগানদাম, আলৌ লেবাংগ ,কামলৌংগ মৌসাংগ , টাবা টেডিৰে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷
অৰুণাচলৰ মুখ্যমন্ত্ৰী হিচাপে পেমা খাণ্ডুৰ শপত গ্ৰহণ - ETV BHARAT
সোমবাৰে ৰাজ্যিক বিজেপিৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাচত ৰাজ্যপালজনক সাক্ষাৎ কৰিছিল পেমা খাণ্ডুৱে ৷ মুখ্যমন্ত্ৰীৰ পদৰ পৰা দাখিল কৰা পদত্যাগ পত্ৰ গ্ৰহণ কৰি ৰাজ্যপাল ব্ৰিগেডিয়াৰ বি ডি মিশ্ৰাই পৰৱৰ্তী চৰকাৰ গঠন নোহোৱা পৰ্যন্ত বৰ্তমানৰ চৰকাৰখনকে দায়িত্ব পালন কৰি যাবলৈ আহ্বান জনাইছিল ৷
সোমবাৰে ৰাজ্যিক বিজেপিৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাচত ৰাজ্যপালজনক সাক্ষাৎ কৰিছিল পেমা খাণ্ডুৱে ৷ মুখ্যমন্ত্ৰী পদৰ পৰা দাখিল কৰা পদত্যাগ পত্ৰ গ্ৰহণ কৰি ৰাজ্যপাল ব্ৰিগেডিয়াৰ বি ডি মিশ্ৰাই পৰৱৰ্তী চৰকাৰ গঠন নোহোৱা পৰ্যন্ত বৰ্তমানৰ চৰকাৰখনকে দায়িত্ব পালন কৰি যাবলৈ আহ্বান জনাইছিল ৷
অৰুণাচল প্ৰদেশৰ 60 খন আসনৰ বিজেপিয়ে লাভ কৰিছিল 41 খন আসন ৷ ৰাজ্যখনৰ 57 খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ডিৰাং , টাবা টেডিৰ, আলং ইষ্ট সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছিল বিজেপিৰ প্ৰাৰ্থীকেইগৰাকীয়ে ৷ ইয়াৰ উপৰিও ভাৰতী জনতা দল ইউনাইটেডে 7 খন , এন পি পি য়ে 5 খন ,পিপলচ পাৰ্টি অৱ অৰুণাচল প্ৰদেশে 1 খন ,কংগ্ৰেছে 4 খন আসন লাভ কৰাৰ লগতে 2 জন নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল ৷ পেমা খাণ্ডুৰ লগতে উপ-মুখ্যমন্ত্ৰী হিচাবে চাউনা মেনৰ তথা মন্ত্ৰী হিচাপে কেইবাজনো নতুন বিধায়কে শপত গ্ৰহণৰ প্ৰৱল সম্ভাৱনা আছে ৷ ৰাজ্যখনত এগৰাকী বিধায়কে নিৰ্বচনী ৰিজাল্ট ঘোষণাৰ প্ৰাকক্ষনত উগ্ৰপন্থীৰ হাতত প্ৰাণ হেৰুৱাইছিল ৷