নেচনেল ডেস্ক, 3 জানুৱাৰী :পশ্চিমবংগত শাসনাধিষ্ঠ তৃণমূল কংগ্ৰেছ (টিএমচি) ক আক্ৰমণৰ লক্ষ্য কৰি লৈ শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা বাবুল সুপ্ৰিয়ই মন্তব্য কৰে যে, এজাক ধুমুহা আহি আছে আৰু এই ধুমুহাই ৰাজ্যখনত শাসনত থকা দলটোক উৰুৱাই লৈ যাব ৷
মহিশাদলত এক সমদলত অংশ লৈ বিজেপি নেতা গৰাকীয়ে তৃণমূল কংগ্ৰেছৰ পৰা নতুনকৈ বিজেপিত যোগদান কৰা নেতা সকলক এটা পৰিয়ালৰ দৰে একগোট হৈ অধিক পৰিশ্ৰম কৰিবৰ বাবে আহ্বান জনায় ৷
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো তাচ্ছিল্যসূচক মন্তব্য কৰি সুপ্ৰিয়ই কয় যে, "দিদি (মমতা), আলিপুৰ কাৰাগাৰক বগা-নীলা ৰঙেৰে সজোৱাটোৱে আপুনি কৰা একমাত্ৰ ভাল কাম ৷ কাৰণ মাত্ৰ কেইদিন মান পাছতে আপোনাৰ সকলো কৰ্মী সেই কাৰাগাৰৰ ভিতৰলৈ যাব ৷"
পূৱ মেদিনীপুৰ জিলা পৰিষদৰ এগৰাকী সদস্য আৰু তৃণমূল যুৱ কংগ্ৰেছৰ পূৱ মেদিনীপুৰৰ উপাধ্যক্ষ গৰাকীৰ লগতে কেইবাগৰাকীও তৃণমূল কংগ্ৰেছ কৰ্মীয়ে উক্ত ৰেলীত বিজেপিত যোগদান কৰে ৷
লগতে পঢ়ক:কৰ'ণাৰ নহয় এয়া বিজেপি প্ৰতিষেধক : অখিলেশ যাদৱ